পাৰ্থ চেটাৰ্জী, অৰ্পিতাৰ ন্যায়িক জিম্মা ৩১ আগষ্টলৈ বৃদ্ধি

পাৰ্থ চেটাৰ্জী, অৰ্পিতাৰ ন্যায়িক জিম্মা ৩১ আগষ্টলৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা–  কলকাতাৰ এখন আদালতে পশ্চিম বংগৰ প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ সহযোগী অৰ্পিতা মুখাৰ্জীৰ ন্যায়িক জিম্মা ৩১ আগষ্টলৈ বৃদ্ধি কৰে। শিক্ষক নিযুক্তি কেলেংকাৰীৰ গোচৰত তেওঁলোকক যোৱা মাহত গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পূৰ্বে, প্ৰৱৰ্তন সঞ্চালকালয়ে অৰ্পিতাৰ সৈতে সম্পৰ্কিত চৌহদৰ পৰা প্ৰায় ৫০ কোটি টকাৰ নগদ ধন, বিদেশী মুদ্ৰা, গহনা আৰু সোণৰ বিস্কুট উদ্ধাৰ কৰিছিল।