এয়াই হৈছে ভাৰতৰ শক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- ‘হৰ ঘৰ ত্ৰিৰংগা’ প্ৰচাৰ ৱেবছাইটত পাঁচ কোটিতকৈও অধিক ত্ৰিৰংগা চেলফি আপলোড কৰা হৈছে।সংস্কৃতি মন্ত্ৰালয়ে ইয়াক “অত্যাধিক সাফল্য” বুলি অভিহিত কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২২ জুলাইত ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন বা প্ৰদৰ্শন কৰি হৰ ঘৰ ত্ৰিৰংগাৰ আন্দোলনত যোগদান কৰিবলৈ আহ্বান জনাইছিল।সংস্কৃতি মন্ত্ৰালয়ে ইয়াক “অত্যাধিক সাফল্য” বুলি অভিহিত কৰি এক বিবৃতিত কয়, “এক অত্যাশ্চৰ্য সাফল্যত ‘হৰ ঘৰ ত্ৰিৰংগা’ ৱেবছাইটত পাঁচ কোটিতকৈও অধিক ‘ত্ৰিৰংগা’ চেলফি আপলোড কৰা হৈছে।ভাৰতৰ ইতিহাসৰ এই বিশেষ মুহূৰ্তটো উদযাপন কৰা সমগ্ৰ ভাৰত আৰু বিশ্বৰ সকলোৱে অংশগ্ৰহণ কৰাৰ বাবে ৫ কোটি ত্ৰিৰংগা চেলফিৰ সাফল্য অৰ্জন কৰা হৈছে।ত্ৰিৰংগা চেলফিয়ে দেশক প্ৰথম আৰু সদায় প্ৰথম স্থানত ৰাখিবলৈ কৰ্তব্যমুখী ভাৰতীয়সকলৰ সামূহিক প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।ধন্যবাদ, ভাৰত।এইটো সঁচাকৈয়ে মাতৃভূমিৰ বাবে প্ৰেম আৰু সংযোগৰ সামূহিক অভিব্যক্তিৰ উচ্ছ্বাসৰ এক বিশেষ মুহূৰ্ত।”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰলৈ স্বাধীনতা দিৱসৰ ভাষণত কয়, “মই যুৱসকলক তেওঁলোকৰ জীৱনৰ পৰৱৰ্তী ২৫ বছৰ ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে উৎসৰ্গা কৰিবলৈ অনুৰোধ জনাইছো।আমি সমগ্ৰ মানৱতাৰ বিকাশৰ দিশত কাম কৰিম।এয়াই হৈছে ভাৰতৰ শক্তি।”