ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি ডি আগৰৱালৰ নেতৃত্বৰ এজনীয়া তদন্ত কমিটি কার্যকাল বৃদ্ধি 

Pc The Sentinel Assam

ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি ডি আগৰৱালৰ নেতৃত্বৰ এজনীয়া তদন্ত কমিটি কার্যকাল বৃদ্ধি 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি ডি আগৰৱালৰ নেতৃত্বত গঠন কৰা এজনীয়া তদন্ত আয়ােগৰ কার্যকাল ১ জুলাইৰ পৰা কাৰ্যকৰী হােৱাকৈ ছয়মাহৰ বাবে বা তাৰ আগতে প্রতিবেদন দাখিল কৰালৈকে বৃদ্ধি কৰিছে। উল্লেখযােগ্য যে দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ অঞ্চলত জিলা প্রসাশনে চলােৱা উচ্ছেদ অভিযানৰ সময়ত আৰক্ষীৰ দ্বাৰা সংঘটিত কৰা গুলীচালনাত দুজন ব্যক্তি নিহত আৰু আৰক্ষীৰ লােককে ধৰি কেইবাগৰাকীও ব্যক্তি আহত হােৱা ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ এই এজনীয়া তদন্ত আয়ােগ গঠন কৰা হৈছিল।