হৃদৰোগত আক্ৰান্ত কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ

Pc- The Indian Express

হৃদৰোগত আক্ৰান্ত কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰাতিপুৱা নতুন দিল্লীৰ এটা জিমত ব্যায়াম কৰি থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ কৌতুক। খবৰ অনুসৰি আজি পুৱা ট্ৰেডমিলত দৌৰি থাকোতে শ্ৰীবাস্তৱ পৰি যায়। তেওঁ দক্ষিণ দিল্লীৰ এটা জিমত ব্যায়াম কৰি আছিল। তাৰ পিছত তেওঁক ততাতৈয়াকৈ নতুন দিল্লীৰ এইমছ লৈ যোৱা হয়, য’ত তেওঁ চিকিৎসা চলাই থকা হৈছে আৰু তেওঁ বিপদমুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে। লগতে, তেওঁক ডিচচাৰ্জ দিয়াৰ পূর্বে কেইদিনমান পৰ্যৱেক্ষণত ৰখা হ’ব বুলিও চিকিৎসকে কয়।