কমনৱেলথ গেমছ ২০২২ত ৪x৪০০ মিটাৰ ৰিলে ইভেণ্টৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় পুৰুষ দল

Pc India Today

কমনৱেলথ গেমছ ২০২২ত ৪x৪০০ মিটাৰ ৰিলে ইভেণ্টৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় পুৰুষ দল

ৰঙিলী বাৰ্ত্তাসেৱা- বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত ভাৰতীয় পুৰুষৰ ৰিলে দল মহম্মদ অনাছ য়াহিয়া, নোহ নিৰ্মল টম, মহম্মদ আজমল ভাৰিয়াথোদী আৰু আমোজ জেকবে ৪x৪০০ মিটাৰ ফাইনেলত যোগ্যতা অৰ্জন কৰে। ভাৰতীয় দলটোৱে হিট টুত ৩:০৬.৯৭ ছেকেণ্ডত দ্বিতীয় স্থান দখল কৰে। ৩:০৬.৭৬ টাইমিংৰে কেনিয়াই শীৰ্ষস্থান দখল কৰে। দেওবাৰে অনুষ্ঠিত হ’ব ফাইনেল।