নগাঁৱৰ কচুৱাত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি

নগাঁৱৰ কচুৱাত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা-  আজাদী কা অমৃত মহোৎসৱ,ঘৰে ঘৰে ত্ৰিৰংগা আঁচনি । BMMU কঠিয়াতলী উন্নয়ন খণ্ডৰ অধীনত ৰেঙনী মণ্ডল পৰ্যায়ৰ সংগঠনৰ ত্ৰিৰংগা পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰে । গেৰজাইপাম পঞ্চায়ত কাৰ্যালয় প্ৰাংগনত ৰেঙনী মণ্ডল সংগঠনৰ সভানেত্ৰী ববিতা ডেকাই আনুষ্ঠানিক ভাবে কেন্দ্ৰটো মুকলি কৰি সকলো ৰাইজক একোখনকৈ ত্ৰিৰংগা পতাকা সংগ্ৰহ কৰি ঘৰ ঘৰ ত্ৰিৰংগা আচনী সফল ৰূপায়নত এজন অংশীদাৰ হবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ৰেঙনী মণ্ডল সংগঠনৰ সকলো সদস্যাক এই পদক্ষেপৰ বাবে ধন্যবাদ জনাইছে শ্ৰমিক সন্থাৰ সভাপতিৰ লগতে ক্ৰেতাসকলে।