ব্ৰহ্মকুণ্ড আৰু পৰশুৰামকুণ্ড
কৈলাসৰ ওচৰত মৰ্যাদা পৰ্ব্বতত শান্তনু ঋষিয়ে তেওঁৰ পত্নী অমোঘাৰ সৈতে আশ্ৰমত বাস কৰিছিল ৷ এদিন শান্তনুৰ অনুপস্থিতিত ব্ৰহ্মা আশ্ৰমত উপস্থিত হৈ অমোঘাৰ সৌন্দৰ্যত মোহিত হৈ আলিঙ্গন প্ৰাৰ্থনা কৰে ৷ অমোঘা মান্তি নোহোৱাত ব্ৰহ্মাই ধৰিবলৈ খেদি যায় ৷ অমোঘাই লৰি গৈ আশ্ৰমৰ ভিতৰলৈ সোমাই দুৱাৰত ডাং দিয়ে আৰু ব্ৰহ্মাক শাপ দিম বুলি কয় ৷ শাপৰ ভয়ত ব্ৰহ্মা পলাই যায় যদিও অতিকৈ কামোন্মত্ত হোৱাত তেওঁৰ বীৰ্য পৃথিৱীত পৰে ৷ শান্তনুৱে ঘূৰি আহি তেওঁৰ আশ্ৰমৰ মুখত হাঁহৰ খোজ ( ব্ৰহ্মাৰ বাহন ৰাজহাঁহ ) আৰু তেজোময় বীৰ্য দেখি আচৰিত হৈ পত্নীক তাৰ কাৰণ সোধে ৷ অমোঘাই কয় যে চাৰিমুখীয়া কোনো এজন ৰাজহাঁহত উঠি আহি তেওঁক বলাৎকাৰ কৰিব বিচৰাত শাপ দিম বুলি কোৱাত ভয়ত পলাই যায় ৷ শান্তনুৱে ধ্যান কৰি পালে যে , জগতৰ হিতৰ কাৰণে ব্ৰহ্মাই বীৰ্য পেলাই থৈ গৈছে ৷ শান্তনুৱে অমোঘাক বীৰ্য পান কৰিবলৈ কয় ৷ কিন্তু পতিব্ৰতা অমোঘাই বীৰ্য পান কৰিবলৈ টান পালে যদিও পতি বাক্য অৱজ্ঞা কৰিব নোৱৰা হ’ল ৷ সেই কাৰণে তেওঁ ঋষিক বীৰ্য পান কৰি প্ৰসাদস্বৰূপে অৱশিষ্ট অংশ তেওঁক পান কৰিবলৈ দিবৰ বাবে প্ৰাৰ্থনা জনালে ৷ ঋষিয়ে তাকে কৰিলে ৷ ব্ৰহ্মবীৰ্য পান কৰাত যথা সময়ত অমোঘাৰ এটি তেজোময় পুত্ৰ জন্ম হয় ৷ ব্ৰহ্মাৰ পুত্ৰ কাৰণে তেওঁৰ নাম ব্ৰহ্মপুত্ৰ হয় ৷ ব্ৰহ্মপুত্ৰই পাহাৰত পানীৰে এটি কুণ্ড কৰি তাতে সোমাই থাকিল ৷
মাতৃহত্যা পাপৰ পৰা উদ্ধাৰ পাবলৈ পৰশুৰামে তেওঁৰ হাতৰ কুঠাৰেৰে পৰ্ব্বত কাটি ব্ৰহ্মকুণ্ডৰ পানী বোৱাই দি সেই পানীত স্নান কৰাত তেওঁৰ হাতৰ কুঠাৰ সৰি পৰে ৷ পৰশুৰামে স্নান কৰি মাতৃহত্যা পাপৰ পৰা উদ্ধাৰ পোৱা ঠাইৰ নাম হ’ল পৰশু কুণ্ড বা পৰশুৰামকুণ্ড ৷
অঞ্জুমণি শইকীয়া