কমনৱেলথ গেমছত বৃহৎ জয়েৰে ভাৰতৰ পুৰুষৰ হকী দলৰ অভিযান আৰম্ভ

কমনৱেলথ গেমছত বৃহৎ জয়েৰে ভাৰতৰ পুৰুষৰ হকী দলৰ অভিযান আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতে কমনৱেলথ গেমছ ২০২২ ত পুৰুষৰ হকীত পুল বি মেচত ঘানাৰ বিৰুদ্ধে ১১-০ গ’লৰ বিজয়েৰে তেওঁলোকৰ অভিযান আৰম্ভ কৰে। কমনৱেলথ গেমছৰ ইতিহাসত এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ বিজয়। ভাৰতৰ হৈ অভিষেক,মনদীপ সিং, হৰমন প্ৰীতে তিনিটাকৈ নীলকান্ত শৰ্মা,ছামছেৰ সিং, বৰুণ কুমাৰ, আকাশদীপ সিং আৰু যুগৰাজ সিঙে দুটাকৈ গ’ল কৰে।