ভাৰতীয় স্কোয়াছ খেলুৱৈ চিনাপ্পা কমনৱেলথ গেমছৰ কোৱাৰ্টাৰত প্ৰৱেশ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় স্কোয়াছ খেলুৱৈ জোছনা চিনাপ্পায়ে নিউজিলেণ্ডৰ কেইটলিন ৱাটছক ৩-১ গ’লত পৰাস্ত কৰি কমনৱেলথ গেমছ ২০২২ৰ মহিলাৰ একক কোৱাৰ্টাৰ ফাইনেলত উপনীত হয়। চিনাপ্পা ১১-৮, ৯-১১, ১১-৪, ১১-৬ ৰ স্ক’ৰলাইনৰ সৈতে বিজয়ী হয়। চিনাপ্পাই আজি কানাডাৰ হলি নটনৰ মুখামুখি হ’ব।