শনিবৰীয়া হাটৰ আইতাজনী- পুলিন ডেকা

শনিবৰীয়া হাটৰ আইতাজনী

পুলিন ডেকা

শনিবৰীয়া হাটত বহা আইতাজনী আজি অহা নাই

বানে উটাই অনা পানী এতিয়া ওলমি ৰৈছে।

বজাৰখনৰ বট গছজোপাৰ আঁৰত

কিমান ৰ’দৰ আলফুল সোঁতত উৰি ফুৰিছিল

বর্ষা ঋতুৰ গান

স্বপ্নৰ ওঁঠত তিতি আছিল সেউজ গ্ৰীষ্মৰ এটি কলি

যেন এন্ধাৰতে বন্ধা বজৰুৱা শব্দ

শনিবৰীয়া হাটত আইতাই বহা ঠাইখিনিত সুগভীৰ গাঁত

তাত বুকু ফাটি ওলাইছে উভতি যোৱা কলিজাৰ নিশ্বাস

ঢেঁকীয়া, কলমৌৰ মুঠি বন্ধা গুঞ্জন

বজাৰত গোট খোৱা মানুহবোৰে

উজাই আনিছে চকুৰ পতাত গজালি মেলা উমাল ঢৌ

আইতা কিয় অহা নাই কোনেও সোধা নাই

আচলতে প্ৰতিজন মানুহৰ আঙুলিত উজাই আহিছে,

শিলৰ বুকু

ঠিক বজাৰখনৰ কাষেৰে যোৱা নৈখনৰ টোপনিত

গুগুণাই আছে শিপাবোৰৰ বাঢ়ি অহা চিঞৰ

আইতাই চাগে এতিয়াও শুই আছে নৈপৰীয়া উশাহত

মৌনতাৰ চাবুকত উদগৰিত খোজবোৰত জী উঠিছে

আইতাৰ হুমুনিয়াৰ এধানি অশ্রু আকাশ

পোৰা পথাৰৰ কল্লোল।