সব কা সাথ সব কা বিকাশ- ফখৰুদ্দিন আহমেদ

Pc assam.news18.com

সব কা সাথ সব কা বিকাশ

ফখৰুদ্দিন আহমেদ

বিগত ইং ২০২০ বৰ্ষৰ পৰা সময় সাপেক্ষে বিশ্বৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত পালিত হোৱা ল’ক ডাউনে সাধাৰণ জনতাক বিশেষ ভাবে বিধস্ত কৰি থৈ যোৱা সমস্যাটোৱেই হৈছে অৰ্থনৈতিক সমস্যা । সাম্প্ৰতিক সময়লৈ এই বিধস্ততাৰ পৰা সাধাৰণ জনতাই পৰিত্ৰাণ পাবলৈ সক্ষম হোৱা নাই। ইফালে ভাৰতবৰ্ষৰ শাসন ক্ষমতাৰ কেন্দ্ৰ বিন্দু দিল্লীৰ মছনদ দ্বিতীয় বাৰৰ বাবে দখল কৰিবলৈ সমৰ্থ হোৱা ভাৰতীয় জনতা পাৰ্টি চমুকৈ বি জে পিৰ শ্লোগান আছিল ” সব কা সাথ সব কা বিকাশ”।ইয়াৰ সৈতে থকা দেশৰ উন্নয়নৰ অন্যান্য প্ৰতিশ্ৰুতিৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰা নিষ্প্ৰয়োজন। দেশৰ যথেষ্ঠ উন্নয়ণো নোহোৱা নহয়। সমান্তৰাল ভাবে মুৰ দাঙি উঠিছে সাম্প্ৰদায়িকতাবাদৰ শ্লোগান। হিন্দু মুছলমানৰ নামত জমি উঠা ৰাজনৈতিক খেলখনৰ পাকচক্ৰত বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানত অপ্ৰীতিকৰ ঘটনাও বিগত সময়চোৱাত ঘটি যোৱা দেশবাসীয়ে প্ৰত্যক্ষ কৰিলে। গো মাতা আৰু গো মাংস শব্দ দুটিৰ আলমত সাধাৰণ জনতাৰ শান্তি , সম্প্ৰীতি আৰু সমন্বয়ক কুঠাৰাঘাত কৰিবলৈ এচাম স্বাৰ্থলোভী ৰাজনীতিবিদ আৰু সমাজতত্ববিদ বাৰুকৈয়ে ব্যস্ত হৈ থকাৰ সময়তে সাধাৰণ জনতাৰ মুৰৰ ওপৰত আঘাত কৰিলেহি মূল্যবৃদ্ধিৰ টাঙোনডালে। ইতিমধ্যেই কোঙা হৈ থকা অৰ্থনৈতিক পৰিস্থিতিত সাধাৰণ জনতাই দিক্ বিদিক্ হেৰুৱাই পেলোৱাৰ উপক্ৰম কৰিছে। চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত সদ্য মুহূৰ্তত ঘটি থকা ৰাজনৈতিক অচলাৱস্থাৰ ভুতেও খেদিছে বহুতকে। অৱশ্যে এই সকলৰ বেছি ভাগেই বি জে পি বিৰোধী শিবিৰৰ ৰাজনৈতিক নেতা তথা সমৰ্থক। এই সকলৰ মানসিকতা বাঁহৰ আগ বানপানীত ডুব গ’লে কাউৰী ক’ত থাকিব বুলি ভাবি আত্মসন্তুষ্টিত বিভোৰ হোৱা শিয়ালটোৰ দৰেহে।দেশৰ সাধাৰণ জনতাৰ উন্নয়ণ আৰু মঙ্গলৰ স্বাৰ্থত নিজক উজাৰি দি নিজৰ দায়বদ্ধতাৰ পৰিচয় দিব পৰা ৰাজনৈতিক নেতাৰ সাম্প্ৰতিক সময়ত দেশত বাৰুকৈয়ে অভাব হৈছে।
সাধাৰণ জনতা সাম্প্ৰতিক সময়ত মূল্যবৃদ্ধিৰ ফলত জুৰুলা হৈছে। মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ফলপ্ৰসু ব্যবস্থা গ্ৰহণ কৰা দৃষ্টোগোচৰ হোৱা নাই। তাৰ বিপৰীতে অতি সাম্প্ৰতিক ভাবে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ জনতাৰ নিত্য ব্যবহাৰ্য বহু কেইবিধ সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপৰ মাধ্যমেৰে পুনৰ মুল্যবৃদ্ধি ঘটাইছে। বেংকৰ চেকৰ ওপৰটো জি এছ টিৰ মাধ্যমেৰে অতিৰিক্ত ভাবে আৰ্থিক বোজা জাপি দিছে। সাধাৰণ জনতাৰ জীৱনত ব্যবহৃত চাউল , আটা , দৈ , পনীৰ , মাছ , মাংস , মৌ , শিশুৰ খাদ্য, পাপড় ,শিক্ষণ সামগ্ৰী আদিৰ উপৰিও হস্পিটালৰ কোঠাৰ ভাড়া আদিৰ ওপৰটো জি এছ টিৰ নামত অতিৰিক্ত আৰ্থিক বোজা জাপি দিয়া হৈছে।মুঠৰ ওপৰত সকলো পিনৰ পৰাই সাধাৰণ জনতা বিপৰ্যস্ত হৈ পৰিছে।
সাম্প্ৰতিক সময়ৰ ভাৰতবৰ্ষৰ এই অৰ্থনৈতিক সংকটৰ বাবে স্বাধীনোত্তৰ ভাৰতবৰ্ষক প্ৰায় সাত দশকতকৈ অধিক কাল শাসন কৰি যোৱা ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু সেই দলৰ কৰ্মকৰ্তা সকলো কম দায়ী নহয়। কংগ্ৰেছ দলে ভাৰতবৰ্ষক বহু ক্ষেত্ৰত বহু অৰিহনাৰে বিশ্বত এখন সুকীয়া আসনত অধিষ্ঠিত কৰাৰ পিছতো এই দলটোৰ ৰাজনৈতিক নেতা তথা কৰ্মী সকলে বিয়পাই দিয়া স্বজন তোষণ আৰু ব্যাপক দূৰ্নীতি পৰায়ণতাৰ বাবে সাম্প্ৰতিক সময়ত শাসনাধীস্থ বি জে পি দলৰ বিপৰীতে কংগ্ৰেছ দলটিক এটি শক্তিশালী বিৰোধী দল হিচাপে প্ৰতিষ্ঠিত কৰাত বাৰুকৈয়ে বিফল হৈছে। এখন গণতান্ত্ৰিক দেশত এক শক্তিশালী বিৰোধী ৰাজনৈতিক দলৰ বাৰুকৈয়ে প্ৰয়োজন । এনে নহ’লে শাসনাধীস্থ ৰাজনৈতিক দলে স্বেচ্ছাচাৰী আৰু হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলেও দুৰ্বল বিৰোধী ৰাজনৈতিক দলটিয়ে সাধাৰণ জনতাৰ প্ৰতি দায়বদ্ধতাৰ প্ৰদৰ্শনত ব্যৰ্থ হয়। লগতে শাসনাধীস্থ ৰাজনৈতিক দলক দেশ পৰিচালনাৰ বাবে সুস্থতাৰ সৈতে প্ৰধান বিৰিধী ৰাজনৈতিক দলৰ সহযোগিতাৰো প্ৰয়োজন ।কিন্তু সাম্প্ৰতিক সময়ত এইবোৰ দিশত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসমৰ্থতাহে সাধাৰণ জনতাই প্ৰত্যক্ষ কৰিবলগা হৈছে।
এনে জটিক সন্ধি ক্ষণত শাসনাধীস্থ বি জে পি দলে নিৰ্বাচনী সভাবোৰত দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ স্মৰণ কৰা একান্ত প্ৰয়োজন হৈ পৰিছে। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ লগতে বি জে পি দলৰ সাংসদ , মন্ত্ৰী আৰু বিধায়ক সকলৰ লগতে নেতা কৰ্মী সকলে সাধাৰণ জনতাক দি থোৱা “সব কা সাথ সব কা বিকাশ ” ৰ প্ৰকৃতাৰ্থত প্ৰায়োগিক ব্যবস্থা ল’ব লাগে। আনহাতে ভাৰতীয় টকাৰ মূল্য ডলাৰ মূল্যৰ হিচাপত দেশৰ স্বাধীনতাৰ পিছত সৰ্ব নিম্ন পৰ্যায়লৈ গতি কৰা কাৰ্য আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশবাসীৰ বাবে আন এক অশুভ লক্ষণ।
এনে বিলাক নেতিবাচক পৰিস্থিতিৰ মাজেৰে দেশে গতি কৰি থকা সময়তো কিন্তু ৰাজনৈতিক দল বিলাকে বোকা চটিওৱাৰ খেলত ব্যস্ত হৈ থাকি সাধাৰণ জনতাৰ প্ৰতি যে তেওলোকৰ কোনো ধৰণৰ দায়বদ্ধতা নাই তাকেই বাৰে বাৰে প্ৰতিপন্ন কৰি আছে। ৰাজনৈতিক দল বিলাকৰ মাজত আদৰ্শৰ অমিল থকাটো স্বাভাবিক ।সেই অমিল বিলাকৰো কিন্তু মূল লক্ষ্যটো হ’ল সাধাৰণ জনতাক সহায় কৰা আৰু দেশক প্ৰগতিৰ পথত আগুৱাই লৈ যোৱা। এই মূল বিষয়বোৰ এতিয়া কাগজত অংকিত বাঘৰ লেখিয়াহে হৈছে গৈ। সকলোকে যেন তেন প্ৰকাৰেণ শাসনৰ গাদী লাগে ।বাকীবোৰ গৌণ।
দেশ আৰু দেশৰ জনতাৰ বাবে মঙ্গলজনক পৰিবেশৰ সৃষ্টি কৰাৰ দায়িত্ব শাসনাধীস্থ ৰাজনৈতিক দল বিলাকৰ আৰু চৰকাৰৰ প্ৰতিটো ইতিবাচক কাৰ্য ক্ৰমণিকাত সৰ্বতো প্ৰকাৰ সহযোগিতা কৰাৰ দায়িত্ব দেশৰ সৰ্ব সাধসৰণ জনতাৰ। যদিহে চৰকাৰে ৰূপায়ণ কৰা কাৰ্য ক্ৰমণিকাবোৰ সাধাৰণ জনতাৰ বাবে মঙ্গকজনক নহৈ সৰ্বনাশী হয়, তেতিয়াই দেশৰ উন্নয়ণ অধোগামী হ’বলৈ আৰম্ভ কৰে , দেশৰ সৰ্ব সাধাৰণ জনতা প্ৰতিবাদী হ’বলৈ বাধ্য হয় । সেয়ে সময় থাকোতে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ , বিভিন্ন ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ দ্বাৰা গঠিত ৰাজ্য চৰকাৰ সমূহ , বিভিন্ন নিকায় নিগম সমূহৰ সৰ্ব সাধাৰণ জনতাৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি সকল সাবধান হ’বৰ হ’ল । নহ’লে সূৰ্যৰ পোহৰৰ দৰেই সত্য কথা যে এদিন সকলোৱেই সৰ্ব সাধাৰণ জনতাৰ আদালতত বিচাৰৰ সমূখীন হ’ব লাগিব।