অস্তাচলত ৰবি- সুষমা গোস্বামী

Pc Pixabay

” অস্তাচলত ৰবি ” 

নাম তাৰ ধৰ্ম্মকান্ত । অত্যন্ত দুখীয়া পৰিয়াল এটাত জন্ম হৈছিল তাৰ।মাক-দেউতাক দুয়ো বহুত কষ্টেৰে ঘৰে ঘৰে হাজিৰা কৰি মাকে আৰ-তাৰ কাপোৰ ধুই যেনে তেনে দুবেলা দুমুঠি গোটাই চাৰিটা ল’ৰা-ছোৱালীৰে ভৰা ঘৰখন পোহ্পাল্ দি আহিছিলে। বহুত কষ্টৰ মাজত ডাঙৰ হৈছিল যদিও তাহাত কেইটা কিন্তু পঢ়া-শুনা সকলোতে আনতকৈ কিছু আগবঢ়া আছিল। থাকিলে কি হ’ব ? ধৰ্মহঁতৰ কপালত বিধাতাই যেন সুখ লিখিবলৈ পাহৰিয়েই থাকিলে । সেয়েহে পৰিয়ালটোক বিপৰ্য্যয়ে লগ নেৰা হ’ল।লুইতৰ বাঢ়নী পানীয়ে পৰিয়ালটোক খেদি খেদি আনি বৰলুইতৰ নিচেই কাষ পোওৱালেহি । সেইবাৰো লুইতত জুই লাগিল। বহুদিন ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত লুইত ফেনে-ফোটোকাৰে বাঢ়িবলৈ ধৰিলে । পানীয়ে ধৰ্মহঁতকে ধৰি লুইতৰ নিচেই পাৰতে থকা মানুহখিনিৰ পানীত হাঁহ নচৰা অৱস্থা এটাৰ সৃষ্টি কৰিলে । ধৰ্ম হৈছে পৰিয়ালৰ ডাঙৰ ল’ৰা । বিয়াৰ আঠ বছৰৰ পিছতো সন্তানৰ মুখ নেদেখা পিতৃ-মাতৃ হালে বহুত কিবা কিবি কৰি, বেজ-জ্ঞানী লগাইহে ধৰ্মক জন্ম দিয়াবলৈ সক্ষম হয়।তাৰ কাৰণে পূজা সেৱাও বহুত কৰিলে। সেয়েহে মাকে তাৰ নাম ধৰ্ম ৰাখিলে । পঢ়াশালীত নাম ৰাখে ধৰ্মকান্ত । তাৰ পিছতো ভাই-ভনী তিনিটা । এসাজ খাই এসাজ নাখাইও সি শ্ৰেণীত সদায়েই প্ৰথম বা দ্বিতীয় হৈয়ে পাচ কৰি গৈ থাকিও অতি কষ্টেৰে সপ্তম মানলৈকেহে অহা-যোৱা কৰিব পাৰিলে । আহিল সেই দুৰ্যোগৰ দিনটো। চাৰিওফালে কেৱল চিঞৰ বাখৰ ” পানী আহিল,পানী আহিল “। ধৰ্মহঁতৰ পৰিয়ালতো লাগিল হুৱা-দুৱা । টোপোলা বুলিবলৈ আছেনো কিতো ? যি দুই এপদ আছিলে তাকে বুকুত সামৰি মাক-দেউতাকে পৰিয়ালৰ আটাই কেউটিকে লগত লৈ আগবাঢ়ি যাওঁতেই নিয়তিৰ চকু তাহাঁতৰ ওপৰত পৰিল । এসোঁতা বাঢ়নী পানীয়ে আহি আটাই কেউটিকে উটুৱাই লৈ গ’ল। মুহূৰ্ত্ততে কি হৈ গ’ল সি একো ততকে ধৰিব নোৱাৰিলে ।অথাই-সাগৰত পৰি সি চকুৰে আন্ধাৰ দেখিবলৈ ধৰিলে । থাউনি নাপাই সি হাতমেলি নিজকে পানীৰ বুকুত এৰি দিয়ে। সি কব নোৱাৰাকৈয়ে সোঁতে তাক ঠেলি নি জাঁজি এটাৰ মাজত শুৱাই দিলেগৈ । কেইদিন হ’ল তাৰ মনত নাই । সাৰপাই বৰকৈ ভোক অনুভৱ কৰাত সি ঠাইতে বহি দিয়ে। দেখে চাৰিও ফালে কেৱল পানীৰ মাজত সি অকলে । তেতিয়াহে তাৰ মনত পৰিল, তাৰ লগতযে পৰিয়ালৰ বাকী কেইটি প্ৰাণীও আছিল।কিন্তু কি হ’ল এইয়া? কিয় এনে হ’বলৈ পালে ? সিহঁতিটো কাৰো কেতিয়াও একো অপকাৰ কৰা নাছিলে!সি আনৰ দৰে নোৱাৰিলেও দিনটোত এবাৰলৈ হ’লেও ভগৱানক চিন্তা কৰিছিলে পৰিয়ালটোৰ কাৰণে ! কিন্তু এইয়া ভগৱানৰ কি বিচাৰ ? নিজ পিতা-মাতাৰ লগতে ভাই-ভনীকো হেৰুৱাব লগাত পৰিলে ইত্যাদি ইত্যাদি বিভিন্ন চিন্তাই তাক হেঁচা মাৰি ধৰাত সি পেটৰ ক্ষুধাৰ কথা পাহৰিয়েই পেলালে । তেনেতে সি সুদূৰত চকামকাকৈ পোহৰ এটা দেখিবলৈ পাই মনত কিছু সকাহ পোৱাযেন পালে । তেতিয়াহে তাৰ মনত জাগিল যে সি এতিয়াও মৰণ ফান্দত । পোহৰটো তাৰ ফাললৈকে অহাযেন দেখি , সি চিঞৰিব খুজিও কেইবাসাজো (তাৰ মনত নাই কেইসাজ ) নোখোৱাৰ কাৰণে সি বেচি ডাঙৰকৈ চিঞৰিব নোৱাৰিলে। তথাপিতো পোহৰটো আহি তাৰ নিচেই ওচৰ পোৱাত সি দেখিলে এখন সাহাৰ্য্যকাৰী নাও । দূৰ্বীনত তাক দেখা পায়েই তাক নিবলৈ বুলি আগবাঢ়ি আহিছে।সিও সকলো চিন্তা বাদ দি আগবাঢ়ি গৈ নাৱত বহি ল’লগৈ ইতিমধ্যে ধৰ্ম্মৰ ভাগ্যত ৰবি উদয়ৰ যোগ মিলিছিল নেকি ? অনতিপলমে তাৰ ভাগ্য সলনি হোৱাৰ সুযোগ এটি মিলিল। সেইখন নাৱতে সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়া এজনো আহিছিল। তেখেতৰ পৰিয়ালতো সন্তান বুলিবলৈ এটিয়েই মাথোন পুত্ৰ সন্তান আছিলে। প্ৰায় ধৰ্ম্মৰ সম বয়সৰে হ’ব । কিন্তু দুদিন জ্বৰতে তেখেতসকলে একমাত্ৰ সন্তানটিক হেৰুৱাব লগাত পৰে। সেয়েহে . বিষয়াজনে ধৰ্ম্মক দেখাৰ লগে লগেই নিজৰ হেৰোৱা সন্তানটিলৈ মনত পৰি নাৱতে হুক্ হুক্ কৰে কান্দি ধৰ্ম্মক দুই হাতেৰে সাৱটি ধৰে। সেই সময়ত ধৰ্ম্ম আছিল এটি তেৰবছৰীয়া কিশোৰ । যৌৱনে তাৰ দেহাত আঁচোৰ পেলাইছেহে মাত্ৰ । অত্যন্ত দেখনীয়াৰ কেও কিচু নোহোৱা হৈ পৰা ধৰ্ম্মক কৰ্ণেল ৰাঘৱনে এৰি নিদি মৰমতে নিজৰ পৰিয়াললৈ লৈ আহি পঢ়াশালীত নাম লগাই দিয়েহি । পঢ়িবলৈ সুবিধা পোৱাৰ লগে লগেই ধৰ্ম্ম ওৰফে ধীৰাজে উন্নতিৰ জখলা ডালত দোপত দোপে বগাবলৈহে লাগিল । কৰ্ণেল দম্পতীৰ ছত্ৰ ছাঁয়াই ধীৰাজক নিজৰ পিতৃ – মাতৃ অথবা ভাই – ভনীৰ কথা সমূলি পাহৰাই পেলোৱালে। মাজে মাজে অলপ অন্যমনষ্ক হৈ পৰাযেন দেখাৰ লগে লগেই মাতৃ সদৃশ মানুহ গৰাকীয়ে আহি তাক মৰমেৰে আকোৱালি লোৱাত সি দুঃখ কৰিবলৈ অৱকাশেই নোপোৱা হ’ল । যথা সময়ত সিও এজন উচ্চ পদস্থ বিষয়া হিচাপে চাকৰি জীৱন আৰম্ভ কৰে । যৌৱনাৱস্থা পোৱা ধীৰাজে গৃহস্থী ধৰ্ম্মত প্ৰৱেশ নকৰোঁ বুলি ভাৱিও সি তাৰ প্ৰতিজ্ঞা ৰাখিব নোৱাৰিলে। কৰ্ণেল দম্পতীৰ অনুৰোধ এৰাব নোৱাৰি দম্পতীৰে সম্পৰ্কীয় ভাগিনীয়েক নিতুৰ লগত বিবাহ পাশত আৱদ্ধ হৈ পৰিল ।বৈবাহিক জীৱনৰ প্ৰথম অৱস্থা দুয়োৰে বাবে বৰ সুখৰ আছিল। অত্যন্ত মৰমলগা হাঁহি মুখিয়া নিতু জনীয়েও ধীৰাজৰ প্ৰত্যেকটো কামতে চকু দি, অতি নিয়াৰিকৈ কৰি যাব পৰা হ’ল। দুয়োৰে সৌহাৰ্দ্যতা দেখি কৰ্ণেল দম্পতীৰ হিয়াত আনন্দই থাই নধৰা হয়। কোনো কোনোৱে কয়, ” অন্তৰেৰে ভাৱিব জানিলে ভাৱকক ওচৰতে পায় ” । এইটো প্ৰকৃত্বতে জানো সঁচা ? ক’তা ধীৰাজৰ জীৱনত দেখোন ই একেবাৰে বিপৰীত হৈহে দেখা দিলে। জীৱনৰ প্ৰথম আঘাত মনৰ পৰা সম্পূৰ্ণ আতৰিবলৈ নৌ পাওঁতেই দ্বিতীয় আঘাতে ধীৰাজক বৰ বেয়াকৈ হানিলে।নোপোৱাৰ বেদনাতকৈ পাই হেৰুৱাৰ এক বেদনাই ধীৰাজৰ মনত অত্যন্ত কষ্ট দিলে । নিতু তেতিয়া মাতৃ হোৱাৰ পথত। আৰু তিনি মাহৰ পিচতেই তাহাতৰ জীৱনলৈ আগমন ঘটিব এক নতুন অতিথি।যিয়েই আহি তাইক”মা” সম্বোধনেৰে হিয়া জুৰ পেলাবহি। ভাৱিলেই ভাল লাগি যোৱা খবৰ। কৰ্ণেল দম্পতীৰ মনতো বৰ স্ফূৰ্ত্তি । ধীৰাজৰহে কামৰ হেঁচাত সময়ৰ কিছু অভাৱ ঘটিছে যদিও হাঁহি -স্ফূৰ্ত্তিৰ মাজেৰেই দিনবোৰ আগবাঢ়ি গৈ থাকিল। তেনেতে আহিল আকৌ এক দুৰ্যোগ । সেইদিনা আছিল মঙ্গল বাৰ। নিতুৰ কাৰণে মঙ্গল বাৰটো বেয়া বুলি কোনোবাই চাই কৈছিলে । সেয়েহে তাই যঠেষ্ট সাৱধানেৰেই ছলা-ফুৰা কৰিছিলে । তাৰ মাজতেই ঘটিবলৈ পালে অঘটনটো। সেই সময়ত ঘৰত নিতুৰ বাহিৰে কোনোৱেই নাছিলে।ৰান্ধনি ৰামসিং আছে যদিও ৰন্ধা-বঢ়া কৰি ভাল পোৱা নিতুৱে সকলোখিনি নিজেই চম্ভালিছিল। দুপৰীয়া ধীৰাজ অহা দেৰি হ’ব বুলি কোৱাত তাই পাক্ ঘৰ সামৰি আহি বিচনাতে অলপ বাগৰ দিয়েহি। চিল্ মিল্ কৈ টোপনি আহোতেই কলিং বেলটো বৰকৈ বাজিবলৈ ধৰাত তাই হঠাতে সাৰ পাই খৰ্ ধৰ্ কৰি তললৈ নামি আহে। প্ৰথম ঢাপটো ঠিকেই পৰিল। দ্বিতীয় ঢাপত ভৰি দিওঁতেই কিবা সৰূপত পিছল খাই বাগৰি আহি তাই তলত পৰিলহি। ইফালে ধীৰাজে বেল দিয়া স্বত্বেও কাৰো পৰা সহাৰি নাপাই পিচ বাৰাণ্ডাইদি ভিতৰলৈ আহি , নিতুক তেনে অৱস্থাত দেখা পায় খৰ্ ধৰকে কোলালৈ তুলি লৈ দেখে যে তাই ইতিমধ্যে জ্ঞান হেৰুৱাই পেলাইছে। কিংকৰ্ত্তব্যবিমূঢ় হৈ সি কিছু সময় তেনেদৰেই বহি থাকে। তেনেতে ৰামসিং আহি পালত দুয়ো ধৰাধৰি কৰি নিতুৰ অজ্ঞান দেহাটো ওচৰতে থকা চোফাখনতে শুৱাই দি ধীৰাজে নাৰ্চিং হ’ম এখনলৈ ফ’নটো ডাঙি লয়। অলপ পিচত দুগৰাকী নাৰ্চে আহি ফাৰ্ষ্ট এইডখিনি দি নিতুক নাৰ্চিং হ’ম এখনলৈ লৈ যায়। তাত কিছুদিন থকাৰ পিচত তাই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে যদিও, এগৰাকী নাৰীৰ বিয়াৰ পিচৰ মাতৃত্বৰ আশাকণহে চিৰদিনলৈ হেৰুৱাই পেলাই তাই দুঃখ সাগৰত অতি গভীৰ ভাৱেৰে অৱগাহন কৰিব লগাত পৰে ।অজ্ঞান অৱস্থাত থাকোতেই সন্তানটিকো নিয়তিয়ে কাঢ়ি লৈ যায়। ঘৰলৈ ঘূৰি অহাৰ পিচৰে পৰাই নিতুৰ স্বভাৱৰো কিছু ব্যতিক্ৰম হ’বলৈ ধৰিলে। কাকো আগৰদৰে মাত-বোল নিদিয়া হ’ল। আনকি ধীৰাজকো কোনো সময়ত চিনি নোপোৱাৰ দৰে হৈ পৰাত ধীৰাজৰ হৃদয়ৰ পৰাও এখন চিৰহাঁস্যময় মুখ বিলুপ্তিৰ পথত অগ্ৰসৰ হবলৈ ধৰে।……….এতিয়াৰ পৰাযেন পূৰ্ণিমাৰ জোনাক খিনিহে ধীৰাজৰ আপোন লগৰী হ’বলৈ ধৰিলে। সন্ধিয়া পৰত খিৰিকিৰ কাষতে থকা আৰামী চকিখনতে বহি আকাশৰ উজ্বল জোনটোলৈ চাই থাকিলেইযেন ব্যথাভৰা জীৱনৰ দুঃখ খিনি কিছু সময়লৈ হ’লেও পাহৰি থাকিব এনে লগা হ’ল। ধীৰাজৰ জীৱনলৈ অভাৱনীয় ভাৱেৰে অহা সুখৰ ৰেঙণি চাটি হঠাতে ঘোৰ অমানিশাৰ কবলত পৰাৰ দৰেই , খিৰিকিৰ কাষত বহি আকাশৰ সৌন্দৰ্য্যতাখিনি উপভোগ কৰি থকা অৱস্থাতে পূৰ্ণিমাৰ জোনটোকো এজাক ক’লা ডাৱৰে আহি হঠাতে ঢাকি ধৰিলেহি। খন্তেক আগলৈকে উপভোগ কৰি থকা সৌন্দৰ্য্যতাখিনিও নিমিষতে অন্ধকাৰত ডুব যোৱাত ধীৰাজে এটি তপত নিশ্বাস এৰি লাহে লাহে চকু দুটা জপাই ধৰে এধানি সুখৰ সন্ধানত ।

সুষমা গোস্বামী ,
যোৰহাট