লোকসভাৰ অধ্যক্ষৰ ‘অসংসদীয়’ শব্দৰ ওপৰত স্পষ্টীকৰণ

Pc Mint

লোকসভাৰ অধ্যক্ষৰ ‘অসংসদীয়’ শব্দৰ ওপৰত স্পষ্টীকৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  সংসদত কিছুমান শব্দ ব্যৱহাৰৰ বিষয়ে জাৰি কৰা নিষেধাজ্ঞাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে মুখ খুলিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। ‘দুৰ্নীতিগ্ৰস্ত’ আৰু ‘অক্ষম’ৰ দৰে শব্দ অন্তৰ্ভুক্ত কৰা সংসদৰ বাবে অযোগ্য বুলি গণ্য কৰা শব্দৰ এখন তালিকাক লৈ সমালোচনাৰ মাজতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে কোনো শব্দ “নিষিদ্ধ” কৰা হোৱা নাই।আগৰে পৰা নিৰ্দিষ্ট কিছু শব্দ আছিল, যিবোৰ অসংসদীয় বুলি কোৱা হয়, পূৰ্বে তাৰ বাবে নিৰ্দিষ্ট এখন কিতাপ মুকলি কৰা হৈছিল আৰু এইবাৰ আমি কাগজৰ ব্যৱহাৰ কমোৱাৰ লক্ষ্যৰে সেই তালিকা ইণ্টাৰনেটত দিছিলো। সেয়ে এই বিতৰ্কৰ কোনো অৰ্থ নাই। সংসদত কোনো শব্দই অসংসদীয় নহয়।