মত্যৰ্ৰ সৰগ নগৰী বাৰাণসী কাশী বিশ্বনাথ মন্দিৰৰ এভুমুকি- গোপাল জালান

Pc Outlook India

মত্যৰ্ৰ সৰগ নগৰী বাৰাণসী কাশী বিশ্বনাথ মন্দিৰৰ এভুমুকি

গোপাল জালান

যোৱা চ্ছ জুনত আবেলি ৩-২০ বজাত বিমানেৰে গুৱাহাটীৰ পৰা বাৰাণসীলৈ যাত্ৰা কৰো আধুনিক ৰূপত সজোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ চহৰখন দৰ্শনৰ উদ্দেশ্যে৷ যাত্ৰাৰ দুঘণ্টামান পাছতে বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হলোঁ৷ এই বিমান বন্দৰটোত উপস্থিত হোৱাৰ লগে লগে মনত এক অজান অনুভূতিয়ে খুন্দিয়ালে৷ ইমান সুন্দৰকৈ সজোৱা হৈছে এই বিমান বন্দৰটো৷ এই বিমান বন্দৰটো বাটপুৰত অৱস্থিত৷ বাৰাণসীৰপৰা উত্তৰ পশ্চিমে ২৬ কিলোমিটাৰ আতৰত অৱস্থিত এই বিমান বন্দৰটো ২০০৫ চনৰ আগলৈকে বাৰাণসী বিমান বন্দৰ নামেৰে জনাজাত আছিল৷ সেই বৰ্ষৰ অক্টোবৰ মাহত বিমান বন্দৰটোৰ নাম সলনি কৰি লাল বাহাদুৰ শাস্ত্ৰী কৰা হয়৷ ২০২০ চনত এই বিমান বন্দৰটোৱে ‘এছিয়া পেছিফিক’ শ্ৰেষ্ঠ বিমান বন্দৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল৷ এয়াৰপ’ৰ্ট কাউন্সিল ইণ্টাৰনেচনেলে এই সন্মান প্ৰদান কৰিছিল৷ বছৰি ইয়াৰপৰাই ২-৫ নিযুত লোকে বিভিন্ন ঠাইলৈ উৰা মাৰে৷ বিমানৰপৰা নামি আমি পূৰ্বৰেপৰা আমাক আদৰিবলৈ উপস্থিত হোৱা টেক্সিখনত উঠিলো৷ ছয় শাৰীযুক্ত ৰিং ৰোডেৰে বাৰাণসী কাশী বিশ্বনাথ মন্দিৰলৈ যাত্ৰা কৰিলোঁ৷ এই পথেৰে যাত্ৰা কৰিলে মনত এনেভাৱ হয় যেন কোনো পশ্চিমীয়া উন্নত দেশৰ ৰাস্তাৰেহে গতি কৰা হৈছে৷ পথৰ মাজত ফুলৰপৰা আৰম্ভ কৰি ঔষধি গছ৷ সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে এই পথৰ মাজভাগ৷ পূৰ্বৰ তুলনাত এই পথেৰে এতিয়া গতি কৰা সকলেহে অনুভৱ কৰিব পাৰে যে কিবা পৰিবৰ্তন হৈছে৷ এই পথেৰে গ’লে এটা কথা স্পষ্টকৈ ক’ব পাৰি যে যি কোনো বিশ্বৰ আগশাৰীৰ শ্ৰেষ্ঠ মহানগৰীৰ পথৰ স’তে তুলনা কৰিব পাৰি৷ চাৰিওফালে কেবল সৌন্দৰ্যই সৌন্দৰ্য৷
আমাৰ উদ্দেশ্য আছিল বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰা৷ যি কোনো হিন্দু ধৰ্মাৱলম্বী লোকৰেই এই মন্দিৰটো দৰ্শনৰ বাবে থাকে সপোন৷ এই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ সকলোৱে চেষ্টা কৰে৷ বাৰাণসীৰ অন্যতম তীৰ্থস্থান সমূহৰ ভিতৰত অন্যতম হ’ল কাশী বিশ্বনাথ মন্দিৰ৷ ইয়াক স্বৰ্ণ মন্দিৰ নামেৰেও আখ্যা দিয়া হয়৷ শিৱৰ মন্দিৰটোলৈ নিতৌ শ-শ লোকৰ আগমন ঘটে৷ আমি পূৰ্বৰে পৰা ঠিক কৰি থোৱা মন্দিৰৰ সমীপৰ যাত্ৰী নিবাস ‘জয়পুৰীয়াত’ উপস্থিত হ’লোঁ৷ এই যাত্ৰী নিবাসটোত ভক্ত দৰ্শনাৰ্থীয়ে থাকিবলৈ সকলো সা-সুবিধা উপলব্ধ৷ ভাৰতৰ ১২ জ্যোতি লিংগৰ ভিতৰত অন্যতম কাশী বিশ্বনাথ মন্দিৰ দৰ্শনৰ বাবে আহিলে এই যাত্ৰী নিবাসটোত কোনো অসুবিধা নোহোৱাকৈ থাকিব পাৰি৷ খোৱা-বোৱাৰপৰা আৰম্ভ কৰি থকালৈকে সকলো সা-সুবিধাৰ সুন্দৰ উপলব্ধ৷
সন্ধিয়া চহৰখন পৰিভ্ৰমণৰ বাবে ওলালো৷ গংগাৰ পাৰত সন্ধিয়া আৰতি দিয়ে৷ এই আৰতি চাবলৈকে বহুলোকৰ সমাবেশ ঘটে৷ কিছুমান লোকে কেৱল গধূলিৰ এই মনোমোহা দৃশ্য উপভোগৰ বাবেই উপস্থিত হয়৷ গ্ৰীষ্মৰ সময়ত নিতৌ ৬-৩০ বজাত এই আৰতি আৰম্ভ কৰে৷ ৪৫ মিনিট সময় সূৰ্য্যাস্তৰ পাছত এই আৰতি দিয়া হয়৷ আনহাতে শীতকালত সন্ধিয়া ৭ বজাত আৰম্ভ ঘটে৷ দশশ্বমেধ ঘাটত এই আৰতি সকলো ভক্তৰেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ গংগা নদীক পূজা কৰি সন্তুষ্ট কৰাৰ উদ্দেশ্যেই এইদৰে আৰতি দিয়া হয়৷ এই আৰতিত সন্তুষ্টহৈ নদী মাতৃয়ে সকলোৰে মংগল হ’বলৈ আশীৰ্বাদ দিয়ে৷
জয়পুৰীয়াত নিশাৰ আহাৰ গ্ৰহন কৰি শুই পৰিলোঁ৷ কাৰণ মন্দিৰ দৰ্শনৰ বাবে পুৱা চাৰি বজাতেই উঠিব লাগিব৷ আগতে বন্দোৱস্তি কৰি থোৱা পূজাৰী এজনে আমাক পুৱাই যাত্ৰী নিবাসৰপৰা লৈ গ’ল৷ মন্দিৰটোত সোনকালে দৰ্শনৰ বাবে আগতীয়াকৈ টিকটৰ ব্যৱস্থা কৰি থলে সুবিধা হয়৷ ন’হলে দীঘলীয়া শাৰী পাতিব লাগে৷ আমি আগতে টিকট বুক কৰি থোৱা বাবে মন্দিৰত প্ৰবেশ কৰাৰ সুবিধা সোনকালে পালো৷ মন্দিৰত প্ৰবেশ কৰাৰ লগে লগে ‘অভিষেক’ কৰিলো৷ মূল মন্দিৰৰ ভিতৰত পূজা-অৰ্চনা কৰি মনটো খুবেই পৱিত্ৰ পৱিত্ৰ লাগিল৷ ইয়াৰ পাছতেই মন্দিৰৰ চাৰিওফালে পৰিদৰ্শন কৰিলোঁ৷ ইমান সুন্দৰ পৰিৱেশ, পৰিষ্কাৰ-পৰিচ্চনতাৰ কথাটো ক’বই নালাগে৷ কাৰণ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিনিধিত্ব কৰা এই সমষ্ঠিটোত স্বচ্চ ভাৰত অভিযানৰ এক উৎকৃষ্ঠ নিদৰ্শন বুলি ক’ব লাগিব৷ গংগা নদীৰ পাৰৰপৰা আৰম্ভ কৰি নতুনকৈ সজোৱা মন্দিৰটো পৰিদৰ্শন কৰি মনত কেনেকুৱা লাগিছিল সেয়া বৰ্ণনা কৰাটো কঠিন বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ আগতে মন্দিৰটোৰ চাৰিওফালে বেদখল আছিল৷ এতিয়া সেইবোৰৰ পৰিৱৰ্তে ধুনীয়াকৈ সজোৱা হৈছে৷ প্ৰধান মন্ত্ৰীয়ে আৰম্ভ কৰা নতুন ক’ৰিডৰৰ লগতে মুকলি সভাগৃহও পৰিদৰ্শন কৰিলোঁ৷
উত্তৰ প্ৰদেশৰ আকৰ্ষণীয় স্থান সমূহৰ ভিতৰত অন্যতম কাশী বিশ্বনাথ মন্দিৰ৷ এই মন্দিৰটোৰ বিষয়ে পূৰাগত বৰ্ণনা কৰা হৈছে৷ গংগাৰ পাৰৰ এই মন্দিৰটোৰ নিৰ্মাণ সন্দৰ্ভত বহুতো কাহিনী পোৱা যায়৷ তথ্য অনুসৰি ১৪৯০ ত এই মন্দিৰটো আৱিষ্কাৰ কৰা হৈছিল৷ ইন্দোৰৰ ৰাণী অহিল্যা বায়ে পুণৰ নিৰ্মাণ কৰা বুলিও তথ্য পোৱা যায়৷ বাৰাণসী ক’ৰিডৰে কাশী বিশ্বনাথ মন্দিৰৰপৰা গংগা নদীক সংযোগ কৰিছে৷ ২৮৬ বছৰ পাছত মন্দিৰটোৰ পুনৰ সুন্দৰ ৰূপত সজাই তোলা হৈছে একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ একক প্ৰচেষ্টাৰে৷ পাঁচ লাখ বৰ্গ মিটাৰ এই কৰিড’ৰটোৱে মন্দিৰটোৰ সৌন্দৰ্য পূৰ্বৰ তুলনাত ভালেখিনি বৃদ্ধি কৰিছে৷
এই মন্দিৰটো দৰ্শন কৰাৰ পাছত দুৰ্গা মন্দিৰলৈ গ’লো৷ এই দুৰ্গা মন্দিৰটোক দুৰ্গা দুন্ত মন্দিৰ হিচাপেও জনা যায়৷ নাটোৰৰ ৰাণী ভৱানীয়ে ১৮ শতিকাতে এই মন্দিৰটো নিৰ্মাণ কৰিছিল৷ ইয়াতেই দুৰ্গা পূজাৰ সময়ত নৱৰাত্ৰী পালন কৰা হয়৷ বাৰানসীৰ ভেলপুৰত এইটো মন্দিৰ অৱস্থিত৷ জনশ্ৰুতি অনুসৰি এই মন্দিৰটোৰ দেৱীক প্ৰতিষ্ঠা কৰা নাছিল৷ দেৱী দুৰ্গাৰ ইয়াতেই আৱিৰ্ভাৱ হৈছিল৷ সংকটমোচন পথত নিৰ্মিত মন্দিৰটো তুলসী মায়ম মন্দিৰৰ পৰা ২৫০ মিটাৰ উত্তৰে অৱস্থিত৷ আনহাতে, সংকটমোচন মন্দিৰৰ পৰা ইয়াৰ দূৰত্ব উত্তৰ-পূৱে ৭০০ মিটাৰ৷ ইয়াৰ পৰা বাৰানসী হিন্দু বিশ্ববিদ্যালয়লৈ দূৰত্ব ১.৩ কিলোমিটাৰ৷
বাৰানসীতে আছে সংকটমোচন হনুমান মন্দিৰ৷ এই মন্দিৰটো নিৰ্মাণ কৰিছিল কবি সাধু শ্ৰী গোস্বামী তুলসীদাসে৷ তেওঁ ১৬০০ শতিকাতে এই বিখ্যাত মন্দিৰটো নিৰ্মাণ কৰিছিল৷ ইয়াত ভক্তৰ নানা বাঞ্চা পূৰণ হয়৷ ইয়াৰ বেচনৰ লাড়ু ভক্তৰ আকৰ্ষণৰ অন্যতম উৎস৷ ৰামচৰিত মানসৰ সৃষ্টা তুলসী দাসে মন্দিৰটো নিৰ্মাণ কৰাৰ পাছত ভক্তৰ সোঁত ববলৈ ধৰে৷ এই মন্দিৰটোত হনুমান চালিচা পঢ়াৰ সময়ত আজিও নিতৌ হেজাৰ হেজাৰ ভক্তৰ সমাৱেশ ঘটে৷
তুলসী মানস মন্দিৰ বা সংকটমোচন মন্দিৰৰ সমীপতে আছে আন এক আকৰ্ষণীয় ত্ৰিদেৱ মন্দিৰ৷ এইটো মন্দিৰত আছে ৰাণীসতী, শ্যাম বাবা আৰু হনুমানৰ মূৰ্তি৷ এই কেইটা মন্দিৰলৈ গ’লে যি অনুভৱ হয় সেয়া শব্দৰে প্ৰকাশ কৰাটো কঠিন৷
মন্দিৰ দৰ্শন কৰি বাৰানসীৰ বিখ্যাত কচুৰি চবজীৰ সোৱাদ ল’লোঁ৷ ইয়াৰ সোৱাদেই বেলেগ৷ তদুপৰি ব্যৱসায়ীসকলেও তীৰ্থযাত্ৰী আৰু পৰ্যটকক কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া ভালদৰে জানে৷ আন্তৰ্জাতিক পৰ্যায়ৰ এটা স্থানত এনে ধৰণৰ ব্যৱসায়ী সকলেও তেওঁলোকৰ মনোভাৱ উন্নত কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি বাৰানসীৰ ব্যৱসায়ীসকলৰ পৰাই অনুমান কৰিব পাৰি৷ ২৭ জুনৰ দুপৰীয়া ১২.৪০ বজাত বিমানত উঠিলোঁ৷ দিনৰ ২.৪০ বজাত গুৱাহাটীত উপস্থিত হ’লোঁ৷
বাৰনসীৰ সুন্দৰ আৰু স্বচ্চ পৰিৱেশে যিকোনো লোককে আকৰ্ষিত কৰিব পাৰে৷ সেইবাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা নিতৌ হেজাৰ হেজাৰ ভক্ত আৰু পৰ্যটকৰ ইয়ালৈ আগমন ঘটে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ সমষ্টিৰ পৰাই এতিয়া প্ৰতিফলিত হৈছে স্বচ্চ ভাৰতৰ নিদৰ্শন৷ ভাৰতৰ আন ৰাজ্যয়ো এনেদৰে যদি বিখ্যাত তীৰ্থ স্থানসমূহৰ উন্নতি সাধন কৰি যাত্ৰী তথা পৰ্যটকক আকৰ্ষণ কৰিব পাৰে তেতিয়া হ’লে নি(য় পৰ্যটক তথা তীৰ্থযাত্ৰীৰ পৰা বছৰি কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিব পাৰিব৷ তদুপৰি সেই স্থানসমূহৰ উন্নয়নৰ লগতে নিৱনুৱা সমস্যাৰো কিছু পৰিমানে সমাধান হ’ব৷