যোৰহাট জিলাত ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে জাপানীজ এনকেফেলাইটিছ

Pc- The HealthSite.com

যোৰহাট জিলাত ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে জাপানীজ এনকেফেলাইটিছ

ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাট জিলাত ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা। জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তথ্য মতে, এতিয়ালৈ  জিলাখনত মুঠ ১৭জন ব্যক্তি এই ৰোগত আক্ৰান্ত হৈছে। আৰু ইয়াৰে ৩জন ব্যক্তিৰ মৃত্যু হৈছে। এই ৰোগত আক্ৰান্ত হৈ ত্ৰিশৰো অধিক লোক চিকিৎসাধীন হৈ আছে। ৰোগ প্ৰতিৰোধৰ কাৰণে ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ ইতিমধ্যে বাঘচোং, কাকজান ভগামুখ, নকছাৰী, তিতাবৰ, শ’লমৰা আটাইকেইটা উন্নয়ন খণ্ডৰ লগতে যোৰহাট আৰু মৰিয়নিতো স্থানীয় ৰাইজৰ মাজত এই ৰোগৰ পৰা বাচি থাকিবলৈ ল’বলগীয়া সাবধানতা, এই ৰোগৰ পৰিত্ৰাণৰ বিষয়ে অৱগত কৰি সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। তাৰোপৰি ঠায়ে ঠায়ে ফ’গিঙৰ ব্যৱস্থা কৰা হৈছে। ইফালে এই ৰোগৰ প্ৰধান বাহক গাহৰি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা পশু পালন আৰু পশু চিকিৎসা বিভাগেও জিলাখনৰ বিভিন্ন ঠাইত গাহৰি পালকসকলক লৈ জাপানীজ এনকেফেলাইটিছ আৰু আফ্রিকান ছোৱাইন ফিভাৰৰ ৰোগ প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰিছে।