ত্যাগ আৰু ভাতৃত্ববোধৰ উৎসব ঈদ উল্ আজ্বহা
ফখৰুদ্দিন আহমেদ
সৃষ্টিকৰ্তা আল্লাহ তাআলাক সন্তুষ্ট কৰিবলৈ হজৰত ইব্ৰাহীম আঃ য়ে নিজৰ পুত্ৰ হজৰত ইছমাইল আঃ ক কৰা কোৰবাণী কাৰ্যৰ স্মৃতি বিজৰিত এই ত্যাগৰ উৎসব ঈদ উল্ আজ্বহা ।এই উৎসবটি ঈদুজ্বোহা আৰু বক্বৰাঈদ নামেৰেও মুছলমান সকলৰ মাজত পৰিচিত। ইছলাম ধৰ্মৰ শেষ প্ৰচাৰক হজৰত মোহাম্মদ ছঃৰ উপৰিপুৰুষ আছিল হজৰত ইব্ৰাহীম আঃ ।এই গৰাকী নবী হজৰত ইব্ৰাহীম আঃয়েই হজৰত নুহ আঃ ৰ সময়ত বিশ্বত হোৱা প্ৰবল বানত বিধস্ত হৈ পৰা আল্লাহ পাকৰ পবিত্ৰ ঘৰ “কা’বা শ্বৰিফ ” ৰ পুননিৰ্মাণ কৰিছিল।
ঈদ উল্ আজ্বহাৰ দিনা মুকলি পথাৰত দুই ৰাকাত বাধ্যতামুলক (ৱাজিব) নমাজ সমবেত হৈ আদায় কৰাৰ পিছত নিজৰ মৰমৰ এটিব বৈধ জন্তু ইছলামিক শ্বৰীয়ত মৰ্মে সামৰ্থবান মুছলমান সকলে কোৰবাণী কৰি হজৰত ইব্ৰাহীম আঃ য়ে সৃষ্টিকৰ্তা আল্লাহ তাআলাক সন্তুষ্ট কৰিবলৈ নিজৰ পুত্ৰ হজৰত ইছমাইল আঃ ক কৰা কোৰবাণীক প্ৰতীকী ৰূপত সোঁৱৰণ কৰা হয়।
উল্লেখিত সোঁৱৰণৰ সৈতে কোৰবাণী দাঁতা সকলৰ আন্তৰিক অংগীকাৰৰহে সম্পৰ্ক সৃষ্টিকৰ্তাৰ সৈতে জৰিত হৈ থাকে। কাৰণ হজৰত ইব্ৰাহীম আঃ য়ে হজৰত ইছমাইল আঃক কোৰবাণী কৰাৰ পিছত যেতিয়া দেখিছিল যে হজৰত ইছমাইল আঃৰ সলনি এটি ডুম্বাহে কোৰবাণী হৈছে তেতিয়া তেখেত কিছু পৰিমাণে হতাশ আৰু বিমৰ্ষ হৈছিল। লগে লগে সৃষ্টিকৰ্তা আল্লাহ তাআলাই দৈব বাণী কৰিছিল যে হে ইব্ৰাহীম , মই তোমাৰ মোৰ প্ৰতি থকা অন্তৰৰ অংগীকাৰৰহে পৰীক্ষা কৰিছিলো , ইছমাইলৰ কোৰবাণী নহয়। এই যে অন্তৰৰ অবিচল অংগীকাৰ সৃষ্টিকৰ্তাৰ আল্লাহ তাআলাৰ প্ৰতি , সেয়া সাম্প্ৰতিক সময়ৰ কাৰণেও একে সমানেই প্ৰতিগৰাকী মুছলমানৰ ওপৰত প্ৰযোজ্য হৈ আছে।
প্ৰতি জন মুছলমানৰ এই ঈদ উজ্ জ্বোহাৰ প্ৰতীকী কোৰবাণীত সংপৃক্ত হৈ থাকে মানুহ মাত্ৰেই অন্তৰত সদা জাগ্ৰত হৈ থকা হিংসা , বিদ্বেষ , সাম্প্ৰদায়িকতা , কপটতা , হত্যা , ধৰ্ষণ আৰু পৰশ্ৰীকাতৰতা আদি এশ এবুৰি পৃথিবীত শান্তি বিনষ্টকাৰী নেতিবাচক দিশ সমূহকো নিজৰ অন্তৰৰ পৰা সৃষ্টিকৰ্তা আল্লাহ পাকৰ নামত জলাঞ্জলি দি নিজকে বিশ্বৰ একো একো গৰাকী সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰাৰ কৃচ্ছ সাধনাত ব্ৰতি হোৱাৰ আহোপুৰোষাৰ্থ প্ৰচেষ্টাৰ বাধ্যতামূলক প্ৰসংগৰ কথা। তেতিয়াহে সাৰ্থক হ’ব কোৰবাণীৰ প্ৰসংগ।কাৰণ কোৰবাণী শব্দৰ অৰ্থই হৈছে ত্যাগ।
দেশ ভেদে খাদ্যাভ্যাস বেলেগ হোৱাৰ উপৰিও ধৰ্মীয় সহনশীলতাৰ প্ৰসংগও আহি পৰে ।এয়া স্বাভাবিক কথা। এনে ধৰণৰ পৰিস্থিতি আৰু পৰিবেশত বিশেষকৈ অসম তথা ভাৰতবৰ্ষত বসবাস কৰি থকা অন্যান্য ধৰ্মাৱলম্বী সকলৰ আবেগ-অনুভূতিত যাতে আঘাত নপৰে এই ক্ষেত্ৰত মুছলমান সকল সদা জাগ্ৰত থাকিব লাগিব। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অসম তথা ভাৰতবৰ্ষত বসবাস কৰা গৰিষ্ঠ সংখ্যক হিন্দু সনাতনী ধৰ্মৰ লোক সকলে গাই গৰুক গোমাতা হিচাপে পুজা কৰে। এই ক্ষেত্ৰত অসম চৰকাৰে ইতিমধ্যে পশু সুৰক্ষা আইনখনতো অনুমোদন দিছে। এচিয়া মহাদেশৰ সৰ্ববৃহৎ ইছলাম ধৰ্মীয় শিক্ষানুষ্ঠান দাৰুল উলুম দেউবন্দ মাদ্ৰাছাই কোৰবাণীৰ ক্ষেত্ৰত হিন্দু সনাতনী ধৰ্মৰ লোক সকলৰ আবেগ-অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় মুছলমান সকলক ইতিপূৰ্বে গো ধনৰ সলনি অন্য জন্তু কোৰবাণী কৰিবলৈ ইতিমধ্যে আহ্বান জনাই থৈছে। চলিত বৰ্ষৰ ঈদ উজ্ জ্বোহাৰ কোৰবাণীৰ প্ৰসংগত জমিয়ত উলামায়ে হিন্দ অসমৰ সভাপতি তথা এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল কাছিমী চাহেবেও সেই মাদ্ৰাছাৰ আহ্বানৰ প্ৰসংগ টানি আনি পুনৰ একেটা আহ্বানকেই অসম তথা ভাৰতবৰ্ষৰ মুছলমান সকলক জনাইছিল। কিছুমান মুছলমানে সমৰ্থন কৰা বিপৰীতে গৰিষ্ঠ সংখ্যকে ইয়াৰ বিৰোধীতা কৰি আছে। ইছলাম ধৰ্মৰ সহনশীল নীতিৰ এই প্ৰসংগক মৌলানা বদৰুদ্দিন আজমল কাছিমীৰ ৰাজনৈতিক জীবনৰ লগত একেকাৰ কৰি সংবাদ মাধ্যম আৰু চ’চিয়েল মেডিয়াত কিছুমান মুছলমান ব্যক্তি আৰু ইছলামিক সংস্থাৰ প্ৰতিক্ৰিয়া সঁচাকৈয়ে গৰিহণাৰ যোগ্য। মৌলানা বদৰুদ্দিন আজমল কাছিমীক কিছুমানে “বেপাৰী ” বুলি সময়ে সময়ে ইতিকিং কৰি আহিলেও অসমৰ শিক্ষা , ব্যবসায় , ৰাজনীতি , সমাজিক ক্ষেত্ৰ , চিকিৎসা ক্ষেত্ৰ , ব্যক্তিগত নিয়োগ ক্ষেত্ৰ আৰু বণ্যাৰ্তক সহায়ৰ ক্ষেত্ৰ আদিত তেখেতৰ যিমান অৰিহণা আছে সেয়া অসম তথা ভাৰতবৰ্ষৰ ইতিহাসত স্বৰ্ণীল আখৰেৰে লিখা থাকিব।
অসমৰ জনসাধাৰণক বাৰুকৈয়ে বিভ্ৰান্তিত সময়ে সময়ে প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত অসমৰ সংবাদ গোষ্ঠী সমূহৰ দায়িত্ব জ্ঞান হীনতাৰ কথা ইতিপূৰ্বে বহুবাৰ প্ৰমাণিত হৈছে। এই বছৰ কোৰবাণীৰ ক্ষেত্ৰত অসম চৰকাৰে প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকললৈ যোৱা ইং ০৮ জুলাই শুক্ৰবাৰে দিয়া এটি নিৰ্দেশৰ সম্পৰ্কত বিভিন্ন সংবাদ গোষ্ঠীয়ে বিভিন্ন ধৰণে প্ৰচাৰ কৰি অসমৰ মুছলমান সকলক বিভান্তিত পেলোৱা পৰিলক্ষিত হৈছে। এনে ধৰণে বিভ্ৰান্তি বিয়পোৱাৰ ফলত অসম চৰকাৰে স্পষ্টিকৰণ পৰ্যন্ত প্ৰচাৰ কৰিবলগা হৈছে। অসম চৰকাৰৰ স্পষ্টিকৰণৰ জৰিয়তে জানিব পৰা গৈছে যে বিশেষকৈ গাই গৰু , অপ্ৰাপ্ত বয়স্ক আৰু ৰোগীয়া গৰু কোৰবাণী কৰিব নোৱাৰিব লগতে পশু সুৰক্ষা আইন উলংঘা নকৰি আইন সংগত ভাবে কোৰবাণী মুছলমান সকলে আদায় কৰিব পাৰিব। লগতে এই ঈদ উজ্ জ্বোহাৰ গইনা লৈ যাতে ৰাজ্যৰ চুকে কোনো পশু ধনৰ অবৈধ বজাৰ গঢ় লৈ নুঠে তাৰ প্ৰতি প্ৰশাসনক দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে। এয়া কেৱল প্ৰশাসনৰেই নহয় , নাগৰিক সকলৰো দায়বদ্ধতাৰ অন্তৰ্গত বুলি দৃঢ়তাৰে উল্লেখ কৰিব পাৰি।
ঈদ উজ্ জ্বোহাৰ মূল বিষয়বস্তুটোৱেই যিহেতু ত্যাগৰ ওপৰত প্ৰতিষ্ঠিত সেয়ে অন্য ধৰ্মাৱলম্বী সকলৰ আবেগ-অনুভূতিৰ ওপৰত লক্ষ্য ৰাখিও কোৰবাণীৰ ব্যবস্থা হাতত ল’লে আদৰণীয় হোৱাৰ লগতে মুছলমান সকলৰ জৰিয়তে দেশৰ শান্তি , সম্প্ৰীতি আৰু সমন্বয়ৰ ক্ষেত্ৰখনিলৈ অনন্য অবদান আগবঢ়োৱা হ’ব।