কংগ্ৰেছ নেতা ৰাহুল গান্ধী ভুলকৈ দাঙি ধৰা বাবে নিউজ এংকৰ ৰোহিত ৰঞ্জনক গ্ৰেপ্তাৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধী ভুলকৈ দাঙি ধৰা বাবে নিউজ এংকৰ ৰোহিত ৰঞ্জনক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা– কেৰালাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা এটা মন্তব্য উদয়পুৰৰ দৰ্জী হত্যাকাণ্ড প্ৰসংগত ভুলকৈ দাঙি ধৰা বাবে জি হিন্দুস্তান চেনেলৰ নিউজ এংকৰ ৰোহিত ৰঞ্জনক গাজিয়াবাদৰ নয়ডা আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ নিজৰ ঘৰৰ পৰা তেওঁ গ্ৰেপ্তাৰ কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ  মন্তব্যক উদয়পুৰৰ দৰ্জীৰ হত্যাকাণ্ডৰ ওপৰত কৰা মন্তব্য বুলি মিছা কথা প্ৰচাৰ কৰাৰ অভিযোগত বিজেপিৰ সাংসদ তথা মুখপাত্ৰ ৰাজ্যবৰ্ধন ৰাথোৰৰ লগতে আন কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে ছত্তিশগড় আৰু ৰাজস্থানত এজাহাৰ দাখিল কৰা হৈছে।  আই পি চিৰ ৫০৪ , ৫০৫, ১৫৩ এ, ২৯৫ এ ধাৰাত এজাহাৰ পঞ্জীয়ন কৰা হৈছে।