পৃথিৱীৰ খং- ময়ূৰাক্ষী গগৈ

pc- The Daily Utah Chronicle

পৃথিৱীৰ খং

পৃথিৱীৰ খং উঠিছে,প্ৰচণ্ড খং!
অত্যাচাৰী মানুহৰ অত্যাচাৰ
কিমান আৰু সহিব?
দুৰাকাংক্ষী মানুহে দুৰাকাংক্ষা পূৰাবলৈ
প্ৰকৃতিৰ ওপৰত অসহনীয়
আঘাতৰ প্ৰতিযোগিতা চলাইছে।
প্ৰকৃতিৰ সৌন্দৰ্যবৰ্দ্ধনকাৰী
পাহাৰৰ বুকুত আঘাত হানি
ঘৰ-দুৱাৰ,বাট -পথ নিৰ্মাণত ব্যস্ত।
বৃক্ষৰোপণৰ পৰিবৰ্তে বনাঞ্চল
ধ্বংস কৰিছে এফালৰপৰা।
বন্যপ্ৰাণীও শান্তিৰে থাকিব পৰা নাই
জীৱশ্ৰেষ্ঠ মানুহৰ পৰা।
পৃথিৱীৰ খং নুঠিবনো কিয়?
ইমান অত্যাচাৰ!
সেয়েতো খঙৰ উদ্গীৰণ হৈ
সৃষ্টি কৰিছে প্ৰৱল বৃষ্টিপাত, বানপানী,
গৰাখহনীয়া,ভূমিস্খলনৰ দৰে
প্ৰাকৃতিক দুৰ্যোগৰ।
প্ৰকৃতিয়ে ধাৰণ কৰিছে কালৰূপৰ।

ময়ূৰাক্ষী গগৈ