লাংহিনত ভয়ংকৰ পথ দুৰ্ঘটনা

Pc The Indian Express

লাংহিনত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- কাৰ্বি আংলং জিলাৰ লাংহিনত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ যি দুৰ্ঘটনাত তিনি গৰাকী যুৱকৰ থিতাতে মৃত্যু হয় ৷দুৰ্ঘটনাৰ দৃশ্য দেখিলে গাৰ নোম শিঁয়ৰি উঠিব। পথৰ ওপৰত ছিন্ন বিচ্ছিন্ন তিনি যুৱকৰ দেহ।দহচকীয়া ট্ৰাকৰ খুন্দাত থিতাতে নিহত তিনি যুৱকৰ দেহ ছিন্ন ভিন্ন হৈ পৰে ৷যুৱক কেইজন কাৰ্বি আংলং জিলাৰ ধেন্টাঘাটৰ ১৬ বছৰীয়া নয়ন দে, ১৬ বছৰীয়া ৰিতিক বসুমতাৰী আৰু আনজন একে বয়সৰ ৰাইদাউ বসুমতাৰী।পশ্চিম দিশৰ পৰা আহি থকা এ এছ ০৬ বিচি ৬৪৬৭ নম্বৰৰ দহচকীয়া ট্ৰাকৰ লগত বিপৰীত দিশৰ পৰা আহি থকা এ এছ ০৯ এইছ ৬৫৮১ নম্বৰত বাইকত আহি থকা তিনিজন যুৱকক মহতিয়াই নিয়াৰ ফলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো।ঘটনাৰ খবৰ পোৱাৰ লগে লগে ডকমকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহি ঘটনাৰ বুজ লয়। ফৰ লেন পথ নিৰ্মাণ হোৱাৰে পৰা গাড়ীৰ গতিবেগ বৃদ্ধি পোৱাত এই এলেকাত প্ৰায়ে পথ দুৰ্ঘটনা সংঘটিত হ’বলৈ লৈছে ৷