ৰঞ্জিত বৰপূজাৰী হত্যাৰ ন্যায় নোপোৱালৈকে জাতীয় পৰিষদ কেতিয়াও ক্ষান্ত নহয় : অজাপৰ ভাষা দিৱসৰ কাৰ্যসূচীত লুৰীণজ্যোতি গগৈৰ ঘোষণা

Pc Times of India

ৰঞ্জিত বৰপূজাৰী হত্যাৰ ন্যায় নোপোৱালৈকে জাতীয় পৰিষদ কেতিয়াও ক্ষান্ত নহয়: অজাপৰ ভাষা দিৱসৰ কাৰ্যসূচীত লুৰীণজ্যোতি গগৈৰ ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ ভাষা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ পবিত্ৰ স্মৃতিত আজি অসম জাতীয় পৰিষদ দলে ৰাজ্যজুৰি ” ভাষা দিৱস” কাৰ্য্যসূচী পালন কৰে। উল্লেখ্য যে ১৯৬০ চনৰ ৪ জুলাইৰ দিনটোতে আৰক্ষী বাহিনীয়ে গুৱাহাটীৰ কটন কলেজ ছাত্ৰাবাসত প্ৰৱেশ কৰি মেধাৱী ছাত্ৰ ৰঞ্জিত বৰপূজাৰীক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল। আজি ৰাজ্যৰ প্ৰায়সমূহ জিলা সদৰত জাতীয় পৰিষদৰ জিলা সমিতিসমূহে ভাষা দিৱসৰ কাৰ্যসূচী পালন কৰে৷ গুৱাহাটীত দলৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে চান্দমাৰীৰ পেঞ্চনাৰ ভৱন প্ৰেক্ষাগৃহত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে শুভাৰম্ভ কৰা “ভাষা দিৱস” ৰ কাৰ্যসূচী শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত সভাপতি লুৰীণজ্যোতি গগৈয়ে শ্ৰদ্ধাঞ্জলি জনাই মুকলি কৰে। নিজৰ ভাষণত গগৈয়ে জাতিৰ ভৱিষ্যতৰ বাবে নিজৰ বৰ্তমানক উচৰ্গা কৰা বীৰ শ্বহীদ গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ লগতে ঘোষণা কৰে যে অতি অন্যায়ভাৱে আৰক্ষীক ৰক্ষণাবেক্ষণ দিবলৈ আৰক্ষীৰ গুলিত নিহত হোৱা ৰঞ্জিত পূজাৰী লোহাৰ জোং থকা বেৰ পাৰ হ’বলৈ যোৱাতহে মৃত্যু হৈছিল বুলি প্ৰমাণ কৰিব বিচৰা ঘটনা জাতীয় পৰিষদে কেতিয়াও গ্ৰহণ নকৰে। ৰঞ্জিত বৰপূজাৰী হত্যাৰ ন্যায় নোপোৱালৈকে জাতীয় পৰিষদ কেতিয়াও ক্ষান্ত নহয় বুলি গগৈয়ে দৃঢ়তাৰে ঘোষণা কৰে।আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰঞ্জিত বৰপূজাৰী হত্যাৰ প্রত্যক্ষদৰ্শী ললিত ভৰালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গঙ্গাপদ চৌধুৰীয়ে সেই সময়ৰ একাংশ বাংলাভাষী লোকৰ অসমীয়া ভাষাৰ প্ৰতি থকা বিদ্বেষৰ কথা মুকলিকৈ প্ৰকাশ কৰে। তেওঁ লগতে আক্ষেপ কৰি কয় যে “নিজৰ চকুৰ সমুখতে আৰক্ষীৰ গুলিত নিহত হোৱা এটি ঘটনাক যেতিয়া অতি কৌশলেৰে আইনীভাৱে অন্য ৰূপ দিয়া দেখিলো , সেই দিনটোৰ পৰাই আইন, আদালত ব্যৱস্থাটোৰ প্ৰতি মোৰ বিশ্বাস নোহোৱা হৈ গ’ল”৷শেষত সন্দিকৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক লক্ষী হাজৰিকাই অসমীয়া ভাষাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কত অতি তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰে। হাজৰিকাই অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি সম্পৰ্কত তেওঁ যথেষ্ট আশাবাদী বুলিও প্ৰকাশ কৰে। হোজাইৰ বামুনগাঁৱত ভাষা দিৱস উদ্‌যাপন অসম জাতীয় পৰিষদৰ হোজাই জিলা সমিতিয়ে লংকা বামুনগাঁৱত ভাষা দিৱস পালন কৰে৷ বামুনগাঁওস্থিত লামডিং উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত শ্বহীদ তৰ্পন কৰে শ্বহীদভাতৃ তথা বিশিষ্ঠ শিক্ষাবিদ নুমল শইকীয়াই৷ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পনৰ আৰম্ভণি কৰে বিশিষ্ঠ নাগৰিক নাৰায়ন বৰাই৷ দলৰ হোজাই জিলা সমিতিৰ সভাপতি লুটফুৰ ৰহমানৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত দলৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, প্ৰাক্তন ছাত্ৰ নেতা দীনেশ বৰাসহ কেইবাগৰাকী বক্তাই ভাষণ দিয়ে৷