পুনৰ খাকী পোছাকত সানিলে কালিমা

Pc- India Today

পুনৰ খাকী পোছাকত সানিলে কালিমা

ৰঙিলী বাৰ্ত্তাসেৱা –   বিপদে লগ নেৰা হৈছে নগাঁও আৰক্ষীক।জোনমণি ৰাভাৰ ঘটনা মাৰ নৌযাঁওতেই নগাঁৱত পুনৰ গ্ৰেপ্তাৰ হৈছে এজন আৰক্ষী বিষয়া ৷ নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাক দুৰ্নীতিৰ অভিযোগত মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত এইবাৰ পুনৰ আন এগৰাকী উপ-পৰিদৰ্শকক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।গোচৰ নিষ্পত্তিৰ নামত অভিযুক্তৰ পৰিয়ালৰ পৰা উৎকোচ বিচাৰি নগাঁও আৰক্ষীৰ জালত পৰিল উপ-পৰিদৰ্শক হাইদৰ হুছেইন৷ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীত কৰ্মৰত হাইদৰ হুছেইন নামৰ উপ-পৰিদৰ্শককগৰাকীক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰে ৰূপহীহাট আৰক্ষীয়ে।ৰূপহীহাট আৰক্ষী থানাৰ অধীনৰ কাৱৈমাৰী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক হাইদৰ হুছেইনে কিছুদিনৰ পূৰ্বে মোবাইল ফোনৰ এটা গোচৰত মইনুল হক নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ মইনুলক কাৱৈমাৰী আৰক্ষীয়ে থানাত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছিল৷ইয়ৰোপৰি গোচৰ নিষ্পত্তিৰ নামত আৰক্ষীয়ে মইনুলৰ পৰা উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন হৈছিল৷উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হোৱা হাইদৰ হুছেইনক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে। অৱশ্যে আৰক্ষী বিষয়াগৰাকীয়ে উৎকোচ লোৱাৰ সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই ৰূপহীহাট আৰক্ষীয়ে ৷