অলিম্পিক পদক বিজয়ী আৰু ভাৰতৰ হকী বিশ্বকাপ বিজয়ী সদস্য ভাৰিন্দৰ সিঙৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- ১৯৭২ চনৰ অলিম্পিক ব্ৰঞ্জপদক বিজয়ী আৰু ১৯৭৫ চনৰ হকী বিশ্বকাপ বিজয়ী ভাৰত দলৰ সদস্য ভাৰিন্দৰ সিঙৰ জলন্ধৰত ৭৫ বছৰ বয়সত মৃত্যু হয়। তেওঁক ২০০৭ চনত ধ্যান চান্দ লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হৈছিল। হকী ইণ্ডিয়াই এক বিবৃতিত কয়, “ভাৰতীয় হকীৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি আৰু অৱদানৰ বাবে আমি শ্ৰী বৰিন্দৰ সিঙৰ ওচৰত কৃতজ্ঞ।”