বেংগালুৰুত ২০২৩ চনত জি-২০ সন্মিলন অনুষ্ঠিত হ’ব: মুখ্যমন্ত্ৰী বোম্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই কয় যে বেংগালুৰুত জি-২০ সন্মিলন ২০২৩ সম্পৰ্কীয় ৯খন বৈঠক অনুষ্ঠিত হ’ব। তেওঁ কয়, “ভাৰতত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সন্মিলনখন অনুষ্ঠিত হ’ব।” তেওঁ লগতে কয়, “ভাৰতে প্ৰতিৰক্ষা, অৰ্থনীতি, শিক্ষা আৰু অন্যান্য ক্ষেত্ৰত শক্তি লাভ কৰিছে।” ২০ খন আগশাৰীৰ দেশৰ মুৰব্বীয়ে সন্মিলনত অংশগ্ৰহণ কৰিব।