শিক্ষামন্ত্ৰীৰ আহ্বানক প্ৰত‍্যাহ্বান অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ

Pc The Janambhumi

শিক্ষামন্ত্ৰীৰ আহ্বানক প্ৰত‍্যাহ্বান অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ কিছুমান ঘোষণাই ৰাজ্যৰ শিক্ষক সমাজৰ মাজত তুমুল প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে গৰমৰ বন্ধ হ্ৰাস কৰাৰ ইংগিত দিয়াৰ উপৰি বন্ধৰ সময়ছোৱাতো পাঠদানৰ বাবে শিক্ষা বিভাগে প্ৰদান কৰা নিৰ্দেশনাক লৈ শিক্ষক সমাজৰ মাজত অসন্তুষ্টিয়ে বিৰাজ কৰিছে।অন্য কৰ্মচাৰীৰ দৰে বন্ধ আৰু ছুটী তথা সা-সুবিধাৰ পৰা বঞ্চিত শিক্ষক সমাজক গৰমৰ বন্ধৰ দিনকেইটাতো পাঠদানৰ নিৰ্দেশ দিয়া কাৰ্যক মানি ল’ব খোজা নাই বিভিন্ন শিক্ষক সংগঠনে৷সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল গৰমৰ বন্ধৰ বিকল্প হিচাপে শিক্ষকৰ আৰ্জিত ছুটী ৩০ দিনলৈ বৃদ্ধিৰ সিদ্ধান্ত লৈও সেয়া কাৰ্যকৰী নকৰা শিক্ষা বিভাগে এতিয়া ওলোটা-খৰ মাৰিছে।শিক্ষা বিভাগৰ দুমুখীয়া স্থিতি শিক্ষা মন্ত্ৰীৰ ভাষ্যতে ওলাই পৰিছে।উল্লেখযোগ্য যে, শিক্ষামন্ত্ৰীক প্ৰত‍্যাহ্বান জনাইছে অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে।শিক্ষা মন্ত্ৰীৰ বক্তব্য অনুসৰি, শিক্ষকসকলক অনাশৈক্ষিক কামত ব‍্যৱহাৰ কৰিলে কি ক্ষতি হয় সেই বিষয়ত মুকলি বিতৰ্কৰ আহ্বানক প্ৰত‍্যাহ্বান জনায় অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে।গোস্বামীৰ মতে, অসম তথা ভাৰতৰ সমগ্ৰ শিক্ষক ব‍্যৱস্থাটোৰ চৰকাৰৰ ভুলৰ বাবেই যে আজিৰ এই দশা হৈছে।এয়া তথ‍্য-প্ৰমাণসহ প্ৰত্যাহ্বান জনাবলৈ সাজু।আনহাতে সাংবাদিকতা আৰু অনান‍্য ব‍্যক্তিগত অনাশৈক্ষিক কাম যেনে:জীৱন বীমা, ঠিকা-ঠুকলি, ৰাজনৈতিক দলৰ নেতাজাতীয় শিক্ষকসকলৰ বিৰুদ্ধে ব‍্যৱস্থা গ্ৰহণ কৰাৰ পক্ষত আছে শিক্ষক সন্মিলনী।