ভাৰত এজন প্ৰকৃত প্ৰথম সঁহাৰি দাতা: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ
ৰঙিলী বাৰ্ত্তাসেৱা– আফগানিস্তানৰ জনসাধাৰণৰ বাবে ভাৰতৰ ভূমিকম্প সাহায্য কাবুলত উপস্থিত হোৱাৰ পিছত, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয়, “ভাৰত, এজন প্ৰকৃত প্ৰথম সঁহাৰি দাতা।” “ভাৰত চৰকাৰে আফগানিস্তানৰ জনসাধাৰণৰ বাবে দুখন বিমানত ২৭ টন জৰুৰী কালীন সাহায্য প্ৰেৰণ কৰিছে,” বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়। সাহায্য সহায়ত অন্তৰ্ভুক্ত আছে ৰিজ টেণ্ট, স্লিপিং বেগ, কম্বল আৰু শ্লীপিং মেট।