ভাৰতৰ ভূমিকম্প সাহায্য আফগানিস্তানত উপস্থিত
ৰঙিলী বাৰ্ত্তাসেৱা- বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (এমইএ) মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে বুধবাৰে আফগানিস্তানত ৬.১ প্ৰাবল্যৰ ভূমিকম্পত ১,০০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ পিছত ভাৰতে আফগানিস্তানৰ লোকসকলক ২৭ টন জৰুৰী কালীন সাহায্য প্ৰদান কৰিছে। বাগচীয়ে টুইটাৰত চালানৰ ফটো শ্বেয়াৰ কৰিছিল। এই সহায়ত তাঁবু, কম্বলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী আছে।