এবটল পানী আৰু দুই পেকেট চিপছ

pc Facebook

এবটল পানী আৰু দুই পেকেট চিপছ, বানপীড়িত লোকৰ মাজত বান সাহায্য বিতৰণ সীমান্ত শেখৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰী আৰু টিহু অঞ্চলত বানপীড়িত লোকসকলৰ মাজত বান সাহায্য বিতৰণ কৰিলে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে।ইমানেই নহয়,বান সাহায্য বিতৰণ কৰি গামোচা পিন্ধি সম্বন্ধনাও গ্ৰহণ কৰিলে সীমান্ত শেখৰে।ইতিমধ্যে সীমান্ত শেখৰে বান সাহায্য বিতৰণৰ ফটো চচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পাছত বিভিন্নজনে ব্যাপক সমালোচনা কৰা পৰিলক্ষিত হৈছে।এতিয়া চচিয়েল মিডিয়াত সীমান্ত শেখৰক সমালোচনা কৰাৰ ঢৌ উঠিছে।সীমান্ত শেখৰক সমালোচনা কৰি একাংশই লিখিছে,”এবটল পানী আৰু দুই পেকেট চিপছ যেন দেখা পাইছোঁ।ঠিকে দেখিছোঁ নে মোৰ চকু দুটা গল।ইমান সাহাৰ্য্য দিছে যে দাঙি ঘৰলৈ নিব কেনেকৈ।ৰাইজক সহায় কৰিব গৈছে নে ৰং চাবলৈ গৈছে ফটো দেখি স্পষ্ট হৈছে।দিন হাজিৰ কৰি খোৱা মানুহতকৈও আপুনি ভীক্ষাৰী।চিপচৰ পেকেট আৰু পানী বটল লৈ কোনটো নাকে মানুহৰ মাজত গৈছে আমাৰ ভাবিয়ে লাজ লাগিছে আৰু আপুনি কৰিবলৈও লাজ নকৰিলে।ফটো বোৰ দেখি মুখৰ পৰা ভাল শব্দ এটাও নোলায় বহুত বেয়াকৈ কব মন গৈছে আপোনালোকৰ দৰে মানুহক কৈ লাভ নাই।কিন্তু এটা কথা কবই লাগিব ভাগ্য ভাল আপোনাৰ যে কোনো এটা এনেকুৱা মানুহ নোলাল যে এই পলিথিন আপোনাৰ মুখত নামাৰিলে এনেকুৱা ফটোৱা কাম কৰি মানুহৰ মাজত বা..বা..লবলৈ।”আনহাতে আন একাংশই লিখিছে,”এ বটল পানী আৰু দুই পেকেট চিপছ যেন দেখা পাইছোঁ।ঠিকে দেখিছোঁ নে মোৰ চকু দুটা গল।ভাল লাগিল।কিন্তু বান সাহাৰ্য্য দিবলৈ গৈ ফুলাম গামোচাৰে সম্বৰ্ধনা লোৱাটো কিমান যুক্তিসংগত৷আপুনি সচেতন লোক হিচাপে আপোনাৰ কোনোবা শুভাকাংক্ষীয়ে সম্বৰ্ধনা জনাব বিচাৰি এওঁ বাধা দিব পাৰিলে হেতেন। মানুহ বোৰ বৰ কষ্টত আছে, খঙতো আছে।পৰ্য্যাপ্ত সা সুবিধা নোপোৱাৰ বেদনাৰে ভাৰাক্ৰান্ত।সেয়েহে কথাবোৰ ভাবিব।ধন্যবাদ।উল্লেখযোগ্য যে,চচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি সীমান্ত শেখৰে লিখিছে যে,” মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্লবৰুৱাৰ সহযোগত বৃহত্তৰ নলবাৰী আৰু টিহু অঞ্চলত বানে প্লাবিত কৰা বিভিন্ন অঞ্চল আজি আমি ভ্ৰমণ কৰোঁ আৰু বানাক্ৰান্ত ৰাইজৰ মাজত পাৰ্য্যমানে বান সাহায্য বিতৰণ কৰোঁ।এই কাৰ্যসূচীত আমাক সংগ দিয়ে ৰঞ্জিত মল্লবৰুৱা।”