যোগাসনৰ প্ৰাসংগিকতা
২১ জুন আন্তৰ্জাতিক যোগ দিৱস। সমগ্র দেশৰ লগতে অসমতো মঙ্গলবাৰে যোগ দিৱস পালন কৰা হয়। প্ৰকৃতাৰ্থত যোগ চৰ্চা হৈছে একান্ত সাধনা বা ইবাদৎ। আত্ম-নিয়ন্ত্ৰণৰ জৰিয়তে আত্ম-উপলব্ধিৰ মাধ্যমেই হৈছে যোগ অভ্যাস। কাম, ক্রোধ, লোভ, মোহ, মদ, মাৎসর্য আদি ৰিপুবোৰৰ দৰে ঘাতকৰূপী ৰিপুবোৰক পৰাভূত কৰিবলৈ যোগ চৰ্চা বা নামাজৰ অভ্যাস কৰিব লাগে। যোগ আৰু নামাজে মানুহৰ শৰীৰ, মন-মস্তিষ্ক আৰু আত্মাক সংযম কৰি ভিতৰৰ সুপ্ত শক্তি সমূহ জাগ্ৰত কৰাত সহায় কৰে। নিয়মিত পাঁচ ওৱাক্ত নামাজ আৰু যোগাসনে মানুহৰ শৰীৰ, মন-মগজু সুস্থ আৰু নিৰোগী কৰি ৰখাত অৰিহণা যোগায়। ইছলাম ধৰ্মী নামাজ আৰু যোগাসনৰ দ্বাৰাই আত্মাৰ মাজৰ সম্পৰ্ক সুদৃঢ় হয়। অহংকাৰ, দাম্ভিকতা, ঈৰ্ষা, সাম্প্ৰদায়িকতাবাদ তথা আত্মাৰ ৰোগৰ পৰা নিজকে সুৰক্ষিত কৰি ৰখাৰ অন্যতম উপায় হিচাপে বিবেচনা কৰিব পাৰি যোগাসন আৰু নামাজক। যোগাসন আৰু নামাজৰ জৰিয়তে এখন সুস্থ, আধ্যাত্মিকতাৰে পুষ্ট শান্তিপূৰ্ণ সম্প্ৰীতিৰ সমাজ গঢ়িব পাৰি। গতিকে ঘৃণা আৰু অবিশ্বাসৰ বাতাবৰণে আবৰি ধৰা সাম্প্ৰদায়িক সম্প্ৰীতিৰ সমাজখনত নিজৰ লগতে আত্মীয়-স্বজন, ওচৰ-চুবুৰীয়া তথা দেশবাসীক সুস্থ, নিৰোগী, উদাৰ, সদ্ভাৱ পূৰ্ণ, শান্তিপ্ৰিয় আৰু মানৱীয় গুণেৰে সজীৱ কৰি ৰাখিবলৈ প্ৰত্যেকেই নিয়মিতভাৱে যোগাসন আৰু নামাজত মনোযোগ দিয়া উচিত। উল্লেখ্য যে, আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি মঙ্গলবাৰে পালিত হয় যোগ দিৱস। মানৱ মণ্ডলীক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ ৰাখিবলৈ আচলতে এই যোগাসন। নকলেওঁ হয় যে, আধ্যাত্মিকতাৰ অন্যতম গুৰুত্বপূৰ্ণ শাখা হৈছে যোগাসন আৰু ইছলাম ধৰ্মীয় নামাজ। এই যোগাসন আৰু নামাজে ঈশ্বৰ-আল্লাহৰ প্রতি অকুণ্ঠ শ্রদ্ধা, ভক্তি আৰু সমৰ্পণৰ ভাৱ জগাই তোলে। মনত শান্তি, তৃপ্তি আৰু স্বৰ্গীয় সুখানুভূতি অনুভৱ হয়। তদুপৰি মনৰ পৰা হিংসা, ঘৃণা, নিন্দা, বিভেদ, বিদ্বেষ, বৈষম্য তথা ঈৰ্ষাৰ জুইকুৰা নিৰ্বাপিত হোৱাত সহায় কৰে। পৰস্পৰৰ মাজত ভাতৃত্ববোধ সৃষ্টিত অৰিহণা যোগায়। পাৰস্পৰিক সম্পৰ্কক সুমধুৰ আৰু মজবুত কৰে আৰু পাপেৰে পৰিপূৰ্ণ মৃতপ্ৰায় হৃদয়ে প্ৰাণ পাই উঠে। সেয়ে নিজৰ লগতে ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰ স্বাৰ্থত সকলোৱে যোগাসন আৰু নামাজৰ অভ্যাস কৰা উচিত। অবিশ্বাস কৰাৰ স্থল নাই যে, একাগ্ৰতা আৰু আন্তৰিকতাৰ সহিতে নামাজ আৰু যোগাসন কৰিলে নিশ্চিতভাৱে মন আহ্লাদিত হোৱাৰ লগতে প্ৰশান্তিৰে ভৰি পৰিব তাৰোপৰি শাৰীৰিক আৰু মানসিক বিকাশ সাধিত হ’ব।—_