কমনৱেলথ গেমছ ২০২২ৰ বাবে ভাৰতীয় পুৰুষ হকী দল ঘোষণা

Pc India.com

কমনৱেলথ গেমছ ২০২২ৰ বাবে ভাৰতীয় পুৰুষ হকী দল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা–  হকী ইণ্ডিয়াই কমনৱেলথ গেমছ ২০২২ৰ বাবে ১৮ জনীয়া ভাৰতীয় পুৰুষ হকী দল ঘোষণা কৰে।যোৱা বছৰ টকিঅ’ত অনুষ্ঠিত অলিম্পিক গেমছত ভাৰতীয় দলটোক ঐতিহাসিক ব্ৰঞ্জৰ পদক লৈ যোৱা মনপ্ৰীত সিঙে কমনৱেলথ গেমছ ২০২২ত দলটোক নেতৃত্ব দিব। ড্ৰেগফ্লিকাৰ হৰমনপ্ৰীত সিঙক উপ-অধিনায়ক হিচাপে মনোনীত কৰা হৈছে। ভাৰত ইংলেণ্ড, কানাডা, ৱেলছ আৰু ঘানাৰ সৈতে পুল বিত আছে। ভাৰতে ঘানাৰ বিৰুদ্ধে ৩১জুলাইত তেওঁলোকৰ অভিযান আৰম্ভ কৰিব। কমনৱেলথ গেমছ ২৮ জুলাইৰ পৰা বাৰ্মিংহামত আৰম্ভ হ’ব।