গীতানগৰত ৰাভা দিৱস উদ্‌যাপন

PC Xukh Dukh

গীতানগৰত ৰাভা দিৱস উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ গীতানগৰশাখাৰ সদস্যা সকলে ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ সোঁৱৰণত প্ৰেৰণা দিৱস আৰু ৰাভা দিৱস অনলাইন যোগে আজি অনুষ্ঠিত কৰে। সভানেত্ৰী দীপাঞ্জলি ভট্টাচাৰ্যই সকলোকে সম্ভাষণ জনাই নিৰ্মলপ্ৰভা বাইদেউৰ এটি কবিতা আবৃত্তিৰে সভাখন আৰম্ভণি কৰে। বিষ্ণু ৰাভাৰ ওপৰত লিখনি আগবঢ়ায় ক্ৰমে মালাশ্ৰী লস্কৰ বৰা, কল্পনা চৌধুৰী, মঞ্জুলা শৰ্মা গোস্বামী আৰু দীপাঞ্জলি ভট্টাচাৰ্যই। বৰ্ণালী তালুকদাৰে নিৰ্মলপ্ৰভা বৰদলৈৰ সৃষ্টিৰ ওপৰত এখনি আলখ্য পাঠ কৰে। কবিতা আবৃত্তি কৰে ক্ৰমে ৰীতা দাস, নমিতা শৰ্মা আৰু অনুৰাধা বৰুৱাই। বিষ্ণু ৰাভাৰ ওপৰত স্বৰচিত কবিতা আগবঢ়ায় পাৰু মহন্ত আৰু ৰুণুমী বৈশ্যই। দীপালি শৰ্মা, সাদৰ মহন্ত, মামণি বৰা, মিনা কলিতা দাস, কল্পনা কলিতা, শেৱালী হাজৰিকা ভূঞা আৰু বৰ্ণালী হাজৰিকা বড়াই বিষ্ণু ৰাভা আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ একোটিকে গীত পৰিৱেশন কৰে।সকলো গীত, কবিতা আৰু প্ৰৱন্ধৰ পৰ্যালোচনা আগবঢ়াই উপদেষ্টা বৰ্ণালী তালুকদাৰে।