কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ৰাভা দিৱস উদযাপন

Pc Facebook

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ৰাভা দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত মহাবিদ্যালয় প্ৰেক্ষাগৃহত বিষ্ণুৰাভাৰ মৃত্যু দিৱস উপলক্ষে ৰাভা দিৱস উদযাপন কৰা হয়৷ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয় মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ ছাত্ৰ দেৱাশিষ দাসৰ কণ্ঠৰ এটি ৰাভা সংগীতেৰে ৷ অধ্যক্ষা ড° শিখামণি কোঁৱৰে আদৰণি ভাষণত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাভাৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে অৱলোকন কৰে৷ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপিকা ড° মৰমী চৌধুৰীয়ে বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত এটি বক্তৃতা প্ৰদান কৰে ৷ ছাত্ৰী হিমাক্ষী চৌধুৰীয়ে এটি ৰাভা সঙ্গীত পৰিৱেশন কৰে৷ অনুষ্ঠানটোত সহকাৰী অধ্যাপিকা ক্ৰমে ড° কাশ্মীৰী গগৈ বৰুৱা , ড° মৃন্ময়ী বৰুৱা আৰু সহকাৰী অধ্যাপক ড° ফৰজ আলী আহমেদে ৰাভা সংগীত পৰিবেশন কৰে৷ অনুষ্ঠানটিৰ আঁত ধৰে সহকাৰী অধ্যাপিকা ইন্দ্ৰানী গগৈ পানী ফুকনে ৷ এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, শিক্ষকবৃন্দ আৰু মহাবিদ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে৷