কচুৱাত বানাক্ৰান্ত ৰাইজৰ হাহাকাৰ অবস্থা

কচুৱাত বানাক্ৰান্ত ৰাইজৰ হাহাকাৰ অবস্থা, শিবিৰত আশ্ৰয় বানাক্ৰান্ত লোক

খাইৰুল ইছলাম,কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা- বছৰৰ দ্বিতীয়টো কপিলী বৰপানী নদীৰ বাঢ়নী পানীৰে কামপুৰ অঞ্চলকে ধৰি কচুৱাৰ কান্দা পাৰা চানখোলা আদি বিভিন্ন অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কচুৱাৰ কান্দা পাৰা চানখোলা সোনাৰুগুৰিত বহু বানাক্ৰান্তই শিবিৰত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। নিজৰ আপোন ঘৰ খন এৰি ৰাস্তা আৰু শিবিৰত বহু কষ্টৰে আশ্ৰয় লৈ আছে যদিও বৰ্তমান লৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই বুলি জানিব দিয়ে বানাক্ৰান্ত ৰাইজে। আনহাতে কপিলী নদীৰ বাঢ়নী পানীয়ে কামপুৰ বৈঠালাংচু গড়কাপ্তানী পথৰ ওপৰদি বৈ গৈছে পানী, যাৰ ফলত একাংশ ঘৰ দুৱাৰ পানীৰ তলত ডুব গৈছে। গড়কাপ্তানি পথৰ ওপৰদি এনেদৰে পানী ভাগৰাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। ইপিনে কপিলী নদীৰ বাঢ়নী পানী কচুৱা আৰক্ষী থানাৰ চৌহদত সোমাল পানী।থানাখনৰ ভিতৰত পানী সোমোৱাত থানাৰ কিছু কাম কাজ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে প্ৰশাসনৰ। মুঠতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাওঁ জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কামপুৰ আৰু কচুৱাৰ বিভিন্ন অঞ্চলত বৰ্তমান বানৰ সংহাৰ চলি আছে ।