নদীৰ পৰা মেচিনেৰে বালি উঠোৱা কাৰ্য্য বন্ধ নকৰিলে তীব্ৰ আন্দোলনৰ হুঙ্কাৰ কৃষক মুক্তিৰ

Pc Northeast Now

নদীৰ পৰা মেচিনেৰে বালি উঠোৱা কাৰ্য্য বন্ধ নকৰিলে তীব্ৰ আন্দোলনৰ হুঙ্কাৰ কৃষক মুক্তিৰ

কচুৱা, ৰঙিলী বাৰ্ত্তাসেৱা-  কপিলী নদীৰ প্ৰলংকাৰী বানৰ পিছত কামপুৰ ৰহা কে ধৰি বিভিন্ন অঞ্চলত কপিলী নদীৰ গৰাখহনীয়া ব্যাপক ভাবুকি কঢ়িয়াই আনিছে। পানীৰ কমাৰ পিছতে নিতৌ বৃহৎ বৃহৎ মাটিৰ অংশ কপিলীৰ বুকুত জাহ যোৱাৰ ফলত কপিলীপৰিয়া ৰাইজে হাঁহকাৰ কৰিব লগীয়া হৈছে। তেনে সময়তে এজাক  বালি ব্যৱসায়ীয়ে নদীত মেচিন ব্যবহাৰ কৰি বালি উঠোৱা কাৰ্য্য অব্যাহত ৰখাত কাষৰীয়া গাওঁ সমূহতলৈ নিশ্চিত বিপদ নমাই আনিব পাৰে বুলি বানাক্ৰান্ত ৰাইজে আশংকা প্ৰকাশ  কৰে। শেহতীয়া বাবে কপিলী নদীৰ কামপুৰ ডলডলীয়া গাঁও আৰু দেউৰী গাঁওৰ মাজত কামপুৰ যমুনামুখ গঢ়কাপ্তানি পথৰ কাষৰ নদীত মেচিন ব্যৱহাৰ কৰি বালি উঠোৱা কাৰ্য্যত ৰাইজে ক্ষোভিত হৈ পৰিছে। সম্পূৰ্ণ আইন বহিভুত ভাবে এনেধৰনে মেচিনেৰে বালি উঠাই থাকিলে অতি কম দিনৰ ভিতৰতে খহনীয়া হৈ বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰা প্ৰতি লক্ষ্য ৰাখি  কামপুৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কামপুৰ ৰাজ চক্ৰ বিষয়া এখন ম্মৰণ প্ৰত্র প্ৰদান কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাৰ নেতৃত্বত যোৱা কৃষক মুক্তি দলটোৱে বানপীড়িত ৰাইজক বিপদৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত‌ অতি শীঘ্ৰে মেচিনেৰে বালি উঠোৱা কাৰ্য্য বন্ধ কৰিবলৈ ৰাজহ চক্র বিষয়া সুজাতা গগৈয়ে বিষয়টো তদন্তৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দলটোক। ইপিনে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নদীৰ পৰা মেচিনেৰে বালি উঠোৱা কাৰ্য্য বন্ধ নকৰিলে তীব্ৰ আন্দোলনৰ গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে