কঠিয়াতলী সংহত শিশু উন্নয়ন প্ৰকল্গত বিদায় সম্বৰ্ধনা অনুষ্ঠান

কঠিয়াতলী সংহত শিশু উন্নয়ন প্ৰকল্গত বিদায় সম্বৰ্ধনা অনুষ্ঠান

কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা-   আনুস্থানিক ভাৱে বিদায় জনাই নগাওঁ জিলাৰ কঠিয়াতলী সংহত শিশু প্ৰকল্পৰ ৪০ গৰাকীকৈ অৱসৰ লোৱা অংগণৱাডী কৰ্মী সহায়িকাক।উল্লেখ্য যে সমাজ কল্যান বিভাগত ১৯৯৫ চনত নিযুক্তি লাভ কৰে এই সকল কৰ্মী সহায়িকাই দীৰ্ঘদিন ধৰি নিষ্ঠাৰে কাম কৰি আহিছিল।কঠিয়াতলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয় প্ৰাঙ্গনত অনুস্থিত হোৱা বিদায় সভা খনৰ সভাপতিত্ব কৰে প্ৰকল্পটোৰ বিষয়া ৰূপা হাজৰিকাই।এই  অনুস্থানটোত প্ৰকল্পটোৰ মুখ্যসেৱিকা সকলৰ লগতে উপস্থিত থাকে ৰূপা শমা আৰু বিনিতা শইকীয়া আদি।এখন মান পত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনাই বিদায়ী কৰ্মী সহায়িকা সকলক।প্ৰকল্পৰ বিষয়া গৰাকীয়ে এই চল্লিশ গৰাকী কৰ্মী সহায়িকাক  দুখৰে বিদায় দি  কয় যে নতুনকৈ নিযুক্ত  হব লগা কেন্দ্ৰ সমৃহৰ কৰ্মী সহয়িকা  সকলক সহায় কৰিবৰ বাবে প্ৰকল্গৰ বিষয়া গৰাকীয়ে  অৱসৰ লোৱা কৰ্মী সকলৰ প্ৰতি  আহ্বান জনাই।