ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

অংকুৰ কলিতা, ৰঙিয়া,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলে বিভিন্ন দাবী সমাধানৰ বাবে আজি এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদী ৰন্ধন কৰ্মী সকলে দিনৰ ১১ বজাত ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে । মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী কৰণ বন্ধ কৰা, বকেয়া মাননী অতিশীঘ্ৰে আদায় দিয়া, চাকৰি নিশ্চিত কৰণ কৰা আদিকে কৰি কেইবাটাও দাবী সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে প্ৰায় ৪৫ মিনিট সময় এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাত প্ৰতিবাদস্থলী উপস্থিত হয় ৰঙিয়া ৰাজহ চক্ৰ বিষয়া। চক্ৰ বিষয়া গৰাকী উপস্থিত হোৱাৰ পিচত প্ৰতিবাদকাৰী সকলে এখন স্মাৰক পত্ৰ চক্ৰ বিষয়া গৰাকীৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে । মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ কাৰ্য্যকাৰী সভাপতি বিবেকানন্দ অধিকাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত হৈ থকা মধ্যাহ্ন ভোজন কৰ্মী সকলৰ কথা চিন্তা নকৰি ৰাজ্য চৰকাৰে পুণৰ আঁচনিখন ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিব বিচাৰিছে । আঁচনিখন পুৰ্বতে “অক্ষয়পাত্ৰ” নামৰ এটা বেচৰকাৰী সন্থাক হস্তান্তৰ কৰিব বিচাৰিছিল ।২০১৯ চনত ১৫ টা বেচৰকাৰী সন্থাই কাম আৰম্ভ কৰাৰ লগে লগে ৰাজ্যৰ প্ৰতি খন জিলাতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছিল । যাৰ ফলত ৰাজ্য চৰকাৰে আঁচনিখন ব্যক্তিগত খণ্ডক দিয়াৰ পৰা বিৰত থাকিব লগীয়া হৈছিল । কিন্তু পুণৰ ৰাজ্য চৰকাৰে মধ্যাহ্ন ভোজন আ‍ঁচনিখন ব্যক্তিগতকৰণ কৰিবলৈ বিচাৰিছে । ইতিমধ্যে যোৰহাট জিলাৰ ৪৫০ খন বিদ্যালয়ৰ ২৫ হেজাৰ শিক্ষৰ্থীক দুপৰীয়াৰ আহাৰৰ যোগানৰ লক্ষ্যৰে অপ্ৰভা এনাৰ্জি নামৰ এটা শক্তি খণ্ডৰ প্ৰতিষ্ঠানে”কেন্দ্ৰীয় ৰন্ধনশালা” নিৰ্মাণৰ প্ৰস্তুতি হাতত লৈছে ৰাজ্য চৰকাৰে । চৰকাৰৰ এনে একপক্ষীয় সিদ্ধান্তৰ বিৰোধীতা কৰি আজিৰ পৰা আৰম্ভ কৰা হৈছে এক ধাৰাবাহিক আন্দোলন ।  সমগ্র ৰাজ্যৰ মহকুমা আৰু জিলা সমুহৰ সদৰ কাৰ্যালয় সমুহত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে ।