The Arrogance ( আত্মশ্লাঘা )-দেৱীকা বৰপূজাৰী

PC- istock

The Arrogance ( আত্মশ্লাঘা )

বহুদূৰ বাটকুৰি বাই এটা সময়ত কালিদাসে হাবি পাৰ হৈ এখন গাওঁত প্ৰৱেশ কৰিলে। তেওঁ তৃষ্ণাতুৰ হৈ ইফালে সিফালে চাওঁতে দেখিলে, এগৰাকী বৃদ্ধাই কুৱাৰ পৰা পানী তুলিছে। কালিদাসে তেওঁৰ কাষলৈ গৈ, খাবলৈ পানী অলপ খুজিলে। বৃদ্ধাই পানী দিবলৈ মান্তি হ’ল কিন্তু প্ৰথমে তেওঁৰ পৰিচয় বিচাৰিলে- ‘ তুমি কোন ‘? নিজৰ পৰিচয় দিয়া। কালিদাসে ভাবিলে, তেওঁ নিজে যিহেতু ইমান বিদগ্ধ পণ্ডিত, এই সাধাৰণ বৃদ্ধাক নিজৰ পৰিচয় দিয়াটো সমীচিন বুলি নাভাবি কলে ” মই এজন ভ্ৰমনকাৰী “। কিন্তু বৃদ্ধাই তপৰাই কৈ উঠিল, ” তুমি ভ্ৰমনকাৰী হব নোৱাৰা, কাৰন এই বিশ্ব দৰবাৰত মাথো দুজন ভ্ৰমনকাৰী আছে ; সূৰ্য্য আৰু চন্দ্ৰ। দুয়ো একেলগে উঠা নাম কৰে আৰু চিৰদিনেই ভ্ৰমণ কৰে “।
‘কোন তুমি “? পিয়াহত আতুৰ কালিদাসে কলে, ‘ ঠিক আছে, মোক এজন আলহী বুলিয়েই ভাবি লওক’।
লগে লগেই বৃদ্ধাই কৈ উঠিল, ” পুত্ৰ, তুমি আলহী হব নোৱাৰা। এই পৃথিৱীত আলহী মাত্ৰ দুজনেই আছে, – যৌৱন আৰু ধন সম্পদ – দুয়ো অস্থায়ী। হাজাৰ মিনতি কৰিলেও দুয়ো নাথাকে বাবে এই দুজন হে আলহী “।
‘কোন তুমি, কোৱাচোন ‘। পিয়াহ লাগিছে কিন্তু বৃদ্ধাৰ জ্ঞানৰ ভাণ্ডাৰ মুকলি হোৱা দেখি কালিদাসে কলে -” মাতৃ, মই এজন সহনশীল ব্যক্তি”। বৃদ্ধাই কলে ” তোমাক দেখিলে তো সহণশীল যেন নালাগে “! এই পৃথিৱীত মাথো দুজনেই হে সহণশীলতাৰ অৰ্থ জানে। সেয়া হৈছে ভূমি আৰু বৃক্ষ। কতদিন তুমি ভূমিতেই থিয় দি, ফল পাৰিবলৈ গছলৈ ফৰ্মুটি দলিয়াই আছিলা, তথাপি দুয়ো তোমাক নীৰৱে প্ৰতিপালন দি নাথাকে জানো ?
‘কিন্তু কোৱাচোন তুমি কোন “? পিয়াহত মুখ শুকাই যোৱা কালিদাসে এইবাৰ কিছু ৰুক্ষতাৰে কলে-” ঠিক আছে, ধৰি লওক ,মই এজন অনমনীয় জেদী পুৰুষ”।
বৃদ্ধাই হাঁহি হাঁহি কলে” ও হো, তুমি ইমান জেদিও নোহোৱা। এই ধৰাত মাত্ৰ দুটা জেদী বস্তু আছে– আমাৰ নখ আৰু চুলি। কাটিয়েই থাকিবা ,আকৌ গজি আহিব “।
ইমান সময়ে কালিদাসে ধৈৰ্য্য ধৰিয়েই আছিল। এইবাৰ কিছু উষ্ম সুৰত তেওঁ কলে, ” ঠিক আছে, মোক মূৰ্খ বুলিয়েই ধৰি লওক “।
বৃদ্ধাই এইবাৰ খোলা হাঁহি এটা মাৰি কৈ উঠিল – ” এই পৃথিৱীত মাথো দুই ধৰনৰ হে মূৰ্খ আছে ; – কিছুমান ৰজা, কোনো ধৰণৰ জ্ঞান নোহোৱাকৈ যিবোৰে দেশ শাসন কৰে আৰু আছে মন্ত্রী, যি নিজ স্বাৰ্থ সিদ্ধিৰ বাবেই এই অপদাৰ্থ ৰজা সকলৰ অনৰ্থক প্ৰশংসা কৰি থাকে “!
‘কোন তুমি ‘- বৃদ্ধাই পুনৰাই সুধিলে। কালিদাসে উপলব্ধি কৰিলে যে, একোকে নজনা বুলি ভবা এই বৃদ্ধা গৰাকী সাধাৰণ মহিলা হবই নোৱাৰে।
সম্পূৰ্ণৰূপে শ্ৰদ্ধাত কালিদাসৰ শিৰ নত হৈ পৰিল। অতি বিনম্ৰতাৰে তেওঁ বৃদ্ধাৰ ভৰিত দীঘল দি পৰি কবলৈ ধৰিলে-” মোক ক্ষমা কৰক মাতৃ, নিজৰ ওপৰতে মোৰ ধিক্কাৰ হৈছে, নিজকে মই বহু জ্ঞানী বুলি ভাবিছিলো, মোৰ দোষ হৈছিল , মোক দয়া কৰক আৰু পানী এটোপা খুৱাওঁক “।
এইবুলি কৈ কালিদাসে সেই বৃদ্ধাৰ ভৰি স্পৰ্শ কৰিলে আৰু যেতিয়া তেওঁ ঠিয় দিলে -কাক দেখিলে তেওঁ ? সেয়া আছিল — জ্ঞান আৰু প্ৰজ্ঞাৰ দেৱী মা সৰস্বতী ! তেওঁ কলে, “কালিদাস ,তুমি জ্ঞানী কিন্তু প্ৰকৃত মনুষ্য হবলৈ হলে তুমি নিজক প্ৰথমে চিনি পাব লাগিব, তোমাৰ অহমিকা ( ego ) ই তোমাৰ সফলতাৰ ওপৰত বাধা ; তুমি শিক্ষিত কিন্তু তোমাৰ দাম্ভিকতাও কম নহয়। সেয়েহে মই তোমাক বাট দেখুৱাবলৈ আহিছো। প্ৰকৃত মনুষ্যৰ পৰিচয় কেৱল বিভিন্ন বিষয়ৰ জ্ঞান থকাতো নুবুজায়- কিন্তু তেওঁৰ বিনম্ৰ স্বভাৱে হে বুজায়। তোমাৰ বুদ্ধিমতা বা শিক্ষাৰ কোনো মূল্য নাই , যদিহে ই তোমাৰ দাম্ভিক আৰু
আত্মশ্লাঘা ৰ কাৰন হয়।

দেৱীকা বৰপূজাৰী
মুম্বাই ।