মানৱ শৰীৰৰ বাবে অতি অপকাৰী অথচ বহুতৰে প্ৰিয় দ্রব্য হ’ল ধঁপাত। ক্রমান্বয়ে জনপ্রিয়তা লাভ কৰা এই ধঁপাতে আমাৰ জনজীৱনত অপ্ৰয়োজনীয়ভাৱে সোমাই পৰিছে৷ অসমৰ প্ৰায়ভাগ ঠাইত এতিয়াও আলহী-অতিথিক তামোল-পাণ আৰু ধঁপাত যচা হয়।
ভাৰতবৰ্ষত ১৬০৫ চনত পোন প্রথমে পৰ্টুগীজসকলে ধঁপাতৰ খেতি আৰম্ভ কৰে। বর্তমান ভাৰতবৰ্ষ ধঁপাত খেতিত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। চিন্তাৰ বিষয় এয়ে যে ধঁপাত সেৱনে মানুহক শাৰীৰিক, মানসিক আৰু অর্থনৈতিকভাৱে ক্ষতিগ্রস্ত কৰে। বিশ্বত ধঁপাতজনিত ৰোগৰ বাবে প্ৰতি বছৰে প্রায় ৮ মিলিয়ন লোকৰ মৃত্যু হয়। এই সংখ্যা যক্ষ্মা, মেলেৰিয়া বা নিচাযুক্ত দ্রব্য আদিৰ পৰা হোৱা মৃত্যুৰ তুলনাত বহুত বেছি। ভাৰততো ধঁপাত সেৱনৰ ফলত প্রতিদিনে প্রায় দুই সহস্রাধিক লোকৰ মৃত্যু হয়। প্রতি বছৰে ভাৰতবৰ্ষ ধঁপাত সেৱনৰ ফলত হোৱা মৃত্যুৰ পৰিসংখ্যা প্রায় ১০ লাখ লোক।
ধঁপাত বুলিলে ধোঁৱাযুক্ত ধঁপাত (চিগাৰেট, হোকা, বিড়ি) আৰু ধোঁৱাবিহীন ধঁপাত (গুটকা, পাণমচলা, চুপাৰি, জর্দা, খৈনী, চাধা) ইত্যাদি বুজা যায়। ধোঁৱাবিহীন ধঁপাতসমূহ ধোৱাযুক্ত ধঁপাতৰ সমানেই অনিষ্টকাৰক। ধঁপাতত থকা উপাদানসমূহ আমাৰ শৰীৰৰ বাবে অতি অপকাৰী ৷ ধঁপাতৰ ধোঁৱাত প্ৰায় চাৰি হেজাৰ বিধতকৈও বেছি ৰাসায়নিক পদার্থ থকা বুলি প্ৰমাণিত হৈছে। ইয়াৰে প্ৰায় চাৰিশ বিধ ৰাসায়নিক পদার্থই হৈছে দুৰাৰোগ্য কৰ্কট ৰোগৰ বাহক। ধঁপাত মানুহৰ শৰীৰত মূৰৰ পৰা ভৰিলৈকে প্ৰতিটো অংগৰে অনিষ্ট কৰে। ধঁপাত সেৱন মানুহ এজনৰ জীৱনৰ আয়ুসৰেখাৰ দহবছৰমান কমাই দিয়ে। হাওঁফাওঁৰ অসুখ, উচ্চ ৰক্তচাপ, বহুমূত্র, ষ্ট্রোক, হার্ট এটেক আদি বিভিন্ন অসংক্রামক ৰোগৰ মূল কাৰক হৈছে ধঁপাত। বিভিন্ন অংগৰ কৰ্কটৰোগীৰ ভিতৰত প্ৰায় ৪০ শতাংশই ধঁপাত সেৱনকাৰী। মুখৰ কৰ্কট ৰোগীসকলৰ ক্ষেত্ৰত ৯০ শতাংশতকৈও অধিক ৰোগীয়ে ধোঁৱাযুক্ত বা ধোঁৱাবিহীন ধঁপাত সেৱন কৰাৰ তথ্য আছে। শেহতীয়া সমীক্ষা মতে ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত মুখৰ কৰ্কটৰোগীৰ সংখ্যা সকলোতকৈ বেছি। ইয়াৰ প্ৰধান কাৰণ হৈছে ধঁপাত সেৱন । ধঁপাত সেৱনৰ ফলত মুখ আৰু ডিঙিৰ উপৰি শৰীৰৰ অন্য অংগসমূহৰো কৰ্কট ৰোগৰ সম্ভাৱনীয়তা বৃদ্ধি পায় ৷ চিগাৰেট, বিড়ি সেৱনৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগ হয়৷ তাৰ উপৰি খাদ্যনলী, অগ্ন্যাশয়, যকৃত, বৃক্ক, মূত্রাশয়, জৰায়ু, স্তন আদিৰ কৰ্কট ৰোগৰ সম্ভাৱনীয়তা বৃদ্ধি কৰে৷ ধঁপাত ব্যৱহাৰৰ ফলত হোৱা কৰ্কট ৰোগীৰ চিকিৎসা কৰোৱাৰ পাছতো পুনৰায় কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনীয়তাও বৃদ্ধি পায়।
ধঁপাত সেৱনে মহিলাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পেলায়৷ ধঁপাত সেৱনৰ ফলত মহিলা এগৰাকীৰ সন্তান জন্ম দিব পৰা ক্ষমতা হ্রাস পায়, সঘনাই গৰ্ভপাত হয় আৰু কম ওজনৰ শিশুৰ জন্ম হয়। মাহেকীয়া, ঋতুস্ৰাৱ অনিয়মীয়া হয়। মাহেকীয়াৰ সময়ত বিষ হয়, লগতে অকালতে ৰজোনিবৃত্তি ঘটাও দেখা যায়৷ মহিলাসকলৰ ক্ষেত্ৰত ষ্ট্ৰোক আৰু মগজুৰ ৰক্তক্ষৰণ পর্যন্ত হ’ব পাৰে। ধঁপাত সেৱনকাৰী লোকসকল যক্ষ্মা ৰোগত আক্রান্ত হোৱাৰ অধিক প্ৰৱণতা থাকে। বর্তমান মহামাৰীৰ ৰূপত দেখা ক্ষেত্ৰত ষ্ট্ৰোক আৰু মগজুৰ ৰক্তক্ষৰণ পর্যন্ত হ’ব পাৰে।
ধঁপাত সেৱনকাৰী লোকসকল যক্ষ্মা ৰোগত আক্রান্ত হোৱাৰ অধিক প্ৰৱণতা থাকে। বর্তমান মহামাৰীৰ ৰূপত দেখা দিয়া কোভিড ৰোগেও ধঁপাত ব্যৱহাৰৰ ফলত দুৰ্বল হৈ পৰা হাওঁফাওঁৰ ওপৰত বেছিকৈ সংক্ৰমণ কৰে।
ধঁপাত ব্যৱহাৰে যে কেৱল সেৱনকাৰীৰ স্বাস্থ্যৰ অনিষ্ট কৰে তেনে নহয়। ই পৰিয়ালৰ অন্য সদস্যসকলৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়। কোনো ব্যক্তিয়ে ধূমপান কৰি এৰি দিয়া ধোঁৱাখিনি ওচৰৰ মানুহৰ উশাহত দেহৰ ভিতৰলৈ যায়। ইয়াকে পৰোক্ষ ধূমপান বুলি কোৱা হয় ৷ যাৰ ফলত নিজে ধূমপান নকৰিলেও পৰোক্ষভাৱে স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে।
ধঁপাতৰ প্ৰতি আসক্তি সাধাৰণতে চেমনীয়া বা কিশোৰ অৱস্থাৰ পৰাই আৰম্ভ হয়। বহুতেই জ্যেষ্ঠজন বা লগৰীয়াক দেখি ধূমপান কৰিবলৈ আৰম্ভ কৰে আৰু পাছলৈ এই আসক্তি এৰিব নোৱাৰা হৈ পৰে। ধঁপাতৰ ব্যৱহাৰৰ ফলত বহুতো পৰিয়াল অর্থনৈতিকভাৱেও ক্ষতিগ্রস্ত হৈ পৰে। বৰ্তমান সমাজত বহুতো অসামাজিক কামো এই ধঁপাতৰ প্ৰভাৱতেই হোৱা পৰিলক্ষিত হৈছে।
সর্বনাশী এই ধঁপাতৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ধঁপাত নিয়ন্ত্রণ আইন (COTPA) ২০০৩ চনত প্ৰৱৰ্তন কৰা হৈছে। এই আইনৰ দ্বাৰা ৰাইজৰ মাজত ধঁপাতৰ বিষয়ে সজাগতা বঢ়োৱাৰ লগতে ধঁপাত বৰ্জনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধকৰণ, শৈক্ষিক প্ৰতিষ্ঠানৰ ওচৰত ধঁপাত বিক্ৰী নিষিদ্ধকৰণ, ধঁপাতজনিত সামগ্ৰীৰ ওপৰত ৰোগৰ চিত্ৰ সম্বলিত সতর্কবাণী আদি ব্যৱস্থা কৰা হৈছে। এই আইনসমূহ কাৰ্যকৰী কৰিবলৈ ৰাইজ বিশেষভাৱে সতর্ক হোৱাৰ লগতে প্ৰশাসনক সহযোগ কৰাটো অতি জৰুৰী।
তদুপৰি যিসকলে ধঁপাত ত্যাগ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে। বহুতো সমাজসেৱী সংস্থাইয়ো এই দিশত কাম কৰি আছে। বিভিন্ন ঠাইত নিচা মুক্তি কেন্দ্র (Drug De-addiction centre) খোলা হৈছে।
সমাজ এখনৰ সৰ্বাংগীণ উন্নতিৰ বাবে ধঁপাত বর্জন অত্যন্তই প্রয়োজনীয়। সকলোৰে সহযোগিতাৰ দ্বাৰা এইক্ষেত্ৰত আমি নিশ্চয়কৈ সফলতা লাভ কৰিব পাৰিম।
[বিঃ দ্ৰঃ – ‘অসমীয়া খবৰ’ কাকতত প্ৰকাশিত]