অসম উড়িয়া যুৱপৰিষদৰ উদ্যোগত দৰিয়া চাহবাগিছাৰ নাট্যমঞ্চত এক দিনজোৰা কায্যসূচী সম্পন্ন

অসম উড়িয়া যুৱপৰিষদৰ উদ্যোগত দৰিয়া চাহবাগিছাৰ নাট্যমঞ্চত এক দিনজোৰা কায্যসূচী সম্পন্ন

মৃগাংক বৰুৱা,গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম উড়িয়া যুৱপৰিষদৰ উদ্যোগত দৰিয়া চাহবাগিছাৰ নাট্যমঞ্চত দেওবাৰে এক দিনজোৰা কায্যসূচী সম্পন্ন হয় ৷ চাহ জনগোষ্ঠীৰ অন্যতম এক জনগোষ্ঠীৰ উড়ীয়া গোষ্ঠীৰ প্ৰজন্মক শৈক্ষিক ; আৰ্থিক ; সাংস্কৃতিক বৌদ্ধিক আদি দিশত সউঠিক ৰূপত আগুৱাই নিবৰ উদ্দেশ্যে অনুষ্ঠিত কৰা কায্যসূচীৰ পুৱা পতাকা উত্তোলন ; স্মৃতি তৰ্পণ ; বীক্ষৰোপনৰ পিছতে এটি সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ উড়িয়া নৃত্য ; পিঠাপনা প্ৰতিযোগিতাৰ পিছত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট বক্তাৰ ভাষণ দিয়ে বেনুধৰ তাঁতী ; কৰ্মা ভাইনা ; ভদেশ্বৰ তাঁতী ; বিপুলতাতীঁ ;ইলমন তাঁতী ; আৰু পৰেশ্বৰ তাঁতী আদিয়ে ৷ ইয়াৰ পিছতে অসম উড়িয়া যুৱ পৰিষদৰ শাওতলী আঞ্চলিক সমিতিখন গঠন কৰা হয় ৷ এই সমিটিত উপেন তাঁতীক সভাপি ; বিকাশ তাঁতী আৰু ডিম্বেশ্বৰ তাতীক উপসভাপতি আৰু চুৰেনতাঁতীক সম্পাদক ; ৰিণিকা তাঁতীক লৈ সম্পাদিকা হিচাপেলৈ এখনি ৩১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয় ৷ বিয়লি উড়িয়া নৃত্য পদৰ্শনৰ পিছত সন্ধিয়া বন্তী প্ৰজ্বলন কৰে ধনমাই তাঁতীয়ে ৷ ইয়াৰ পিছতে সুনিল তাঁতীয়ে সাংস্কৃতিক সন্ধিয়া শুভাৰম্ভ কৰা পাছত সৃষ্টিশীল নৃত্য আৰু আমণ্তিত শিল্পীৰ গেতৰ শৰাই অনুষ্ঠান শুভাৰম্ভ কৰে অৰুণ কুমাৰ তাঁতী আৰু পৰেশ কুমাৰ তাঁতীয়ে।