প্ৰিয় দুখ
লক্ষী প্ৰসাদ ৰেগন
বহু পলমকৈ আহে ভাল খবৰ।
দুখৰ ৰাতি নুপুৱায়। বুকুৰ বিষ এটা আহে সংগোপনে
বেলিটো নিলগত। ছাঁ পোহৰৰ আমাৰ সহচৰ
পশ্চিমৰ বেলি নেদেখা পূবৰ মানুহ
মঙ্গল অমঙ্গল। মনে ভঙা পতা এটা খেল
কাউৰীও ক’লা কুলিও ক’লা
কাউৰীৰ অলেখ বদনাম
কাউৰীয়ে কাণত ধৰি কথা দিলে
কুলিৰ বাহলৈ আৰু নাযায়
কাউৰীৰ মাতো কৰ্কশ। স্বভাৱো আওপকীয়া
সেয়ে কাৰো প্ৰিয় হ’ব নোৱাৰিলে
অনৱৰতে দুখ দিয়া দুখবোৰ
কাৰো প্ৰিয় নহয়। এপৃষ্ঠা দুখ লৈ জীয়াই থকাৰ সমান
দুখ আৰু নাই
তথাপি প্ৰিয় দুখ এটা মানুহৰ থাকে
যিটো মনে সদায় ঢুকি পায়
কিন্তু দুহাতেৰে কোনোদিনে চুই চাবলৈ নাপায়