সৰুপথাৰত আনন্দৰ জোৱাৰ

সৰুপথাৰত আনন্দৰ জোৱাৰ

ৰূপাংক বৰুৱা,গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- সৰুপথাৰত আনন্দৰ জোৱাৰ। সদ্য ঘোষিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল সৰুপথাৰৰ স্নেহা শ‍ইকীয়া। গোলাঘাটৰ দয়ানন্দ বিদ্যা নিকেটনৰ ছাত্ৰী স্নেহাই অসমৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি ধনশিৰি মহকুমাৰ লগতে গোলাঘাট জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। স্নেহাই সৰ্বমুঠ লাভ কৰিছে ৫৯৪ নম্বৰ। স্নেহা সৰুপথাৰ পৌৰসভাৰ অন্তৰ্গত ৭ নং ৱাৰ্ডৰ ত্ৰিদীপ শ‍ইকীয়া আৰু স্বপ্না শ‍ইকীয়াৰ কন্যা।