গুৱাহাটীত ধঁপাত বিৰোধী দিৱস

গুৱাহাটীত ধঁপাত বিৰোধী দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  ইউএছটিএম,পিকিউএইছ স্কুল অৱ এডুকেশ্বন এন্দ ডিপাৰ্টমেন্ট অৱ চ’চিউলজিৰ উদ্যোগত আৰু ইণ্ডিয়ান ডেন্টেল এছ’চিয়েশ্বন,আসাম আৰু আৰোহন ফাউন্দেশ্বনৰ সহযোগত ইউএছটিএমৰ প্ৰফেচাৰ এনকেচিৰ প্ৰেক্ষাগৃহত ধঁপাত বিৰোধী সজাগতা সভা অনুষ্ঠিত হয়৷অধ্যাপক ড° গায়ত্ৰী গোস্বামীয়ে আদৰণি ভাষণ দিয়া সভাত ইউএছটিএমৰ উপাচাৰ্য জি ডি শৰ্মা,প্ৰাক্তন অধ্যক্ষ ড° বলেন্দ্ৰ কুমাৰ দাস,উপদেষ্টা ড° আৰ কে শৰ্মা,বিশিষ্ট ব্যক্তি ড° ৰবীন্দ্ৰ সিং,ৰাজ্যিক দাতব্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° মিতালী বৰা,আৰোহণ ফাউণ্ডেশ্বনৰ অধ্যক্ষ ড° সীমা বৰা,ডেন্টেল এছ’চিয়েশ্বনৰ সম্পাদক ডা° প্ৰতিম তালুকদাৰ,অনুপম ডেকা আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ধঁপাতৰ অপকাৰীতাৰ বিভিন্ন দিশ বিশদভাৱে ব্যাখ্যা কৰে৷অনুষ্ঠানত জয়দীপ পুৰাকায়স্থই প্ৰজেক্টাৰৰ জৰিয়তে উপস্থিত ছাত্ৰ ছাত্ৰীৰ মাজত ধঁপাত সেৱনৰ ফলত কেনেদৰে শৰীৰত অপকাৰ কৰিব পাৰে তাক সুন্দৰভাৱে বিশ্লেষণ কৰে৷শেষত ধঁপাত বিৰোধী শ্ল’গানেৰে পুত্তালিকা দাহ কৰে৷