ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া নাম ফাকেবৌদ্ধ বিহাৰত  প্ৰয়াত সাংবাদিক বুলন কুমাৰ শইকীয়াৰ ৰচনা সমগ্ৰ উন্মোচন

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া নাম ফাকেবৌদ্ধ বিহাৰত  প্ৰয়াত সাংবাদিক বুলন কুমাৰ শইকীয়াৰ ৰচনা সমগ্ৰ উন্মোচন:: ২০ হাজাৰ টকাত বিক্ৰী প্ৰথমটো কপি

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ বিশিষ্ট  সাংবাদিক, সমালোচক, ঔপন্যাসিক, কবি,গল্পকাৰ, ব্যংগলেখক, ৰাজনৈতিক বিশ্লেষক, উদ্যোগী প্ৰয়াত “বুলন কুমাৰ শইকীয়া স্মাৰক ন্যাস”ৰ উদ্যোগত  ”অপ্ৰতিৰোধ্য বুলন কুমাৰ শইকীয়াঃ সৃষ্টি,আদৰ্শ আৰু কৰ্ম” শীর্ষক ১,৩০০ পৃষ্ঠাৰ এখন বৃহৎ কলেৱৰৰ  গ্ৰন্থ নাহৰকটীয়াৰ নামফাকে বৌদ্ধ বিহাৰৰ প্ৰেক্ষাগৃহত এক গাম্ভীর্যপূৰ্ণ  পৰিৱেশত উন্মোচন কৰা হয়। বিশিষ্ট সাংবাদিক তথা ‘মাহেকীয়া সোনোৱাল বাৰ্তা’ৰ সম্পাদক ৰতন হাজৰিকাৰ সম্পাদনাত আৰু সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখনে বুলন কুমাৰ শইকীয়াৰ বহুলচচ্চিত উপন্যাস ‘আৰাকান ইণ্টেল’সহ দুখন কাব্য সংকলন,  দুখন আত্মজীৱনী মূলক উপন্যাস (এখন অপ্ৰকাশিত), এখন ৰন্ধন সম্পর্কীয়, এখন নিবন্ধ সংকলন আৰু এখন অনুদিত গ্ৰন্থসহ মুঠ ৯ খন গ্ৰন্থ সামৰি লৈছে। তদুপৰি ‘বাটৰ কচু পুৰাণ’ শীৰ্ষক ব্যংগ সংকলন আৰু লেখক গৰাকীৰ কেতবোৰ গ্ৰন্থৰ সমালোচনা আৰু তেওঁৰ সান্নিধ্য লাভ কৰা বিশিষ্ট ব্যক্তি সকলৰ লেখা, সামাজিক মাধ্যমত প্ৰচাৰিত এশটা প’ষ্ট গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে। এই উপলক্ষে ‘বুলন কুমাৰ শইকীয়া স্মাৰক ন্যাস’ৰ উদ্যোগত আয়োজিত উন্মোচন অনুষ্ঠানৰ পূৰ্বে  দুটিকৈ গছপুলি ৰোপণ কৰাৰ লগতে বুলন কুমাৰ শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত  বন্তি প্ৰজ্বলন কৰা হয়। বুলন কুমাৰ শইকীয়া স্মাৰক ন্যাসৰ সভাপতি তথা নাহৰকটীয়া পৌৰসভাৰ উপ পৌৰপতি অমূল্য চেংলাৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী  সভাত শংখধ্বনি, বৌদ্ধস্তোত্ৰৰে গ্ৰন্থখন উন্মোচন কৰে  যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ,নাট্যকাৰ ড০ জ্যোতিপ্ৰসাদ শইকীয়াই ভাষণ প্ৰসংগত উল্লেখ কৰে যে  বুলন কুমাৰ শইকীয়াৰ লিখনি সমূহত মানৱদৰদী আৰু সংবেদনশীল কণ্ঠ বিচাৰি পোৱাৰ লগতে সৎ সাহসী আৰু স্পষ্টবাদিতাৰ পৰিচয় পোৱা যায়। বিশেষকৈ গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা চাৰিটা গল্প বিশ্বৰ জনপ্ৰিয় গল্পকাৰ ৰাস্কিন বণ্ড, এন্টন শ্বেকভ, অ’ হেনৰীৰ দৰে অনন্য বৈশিষ্ট্যপূৰ্ণ। বুলন শইকীয়াৰ কবিতাই নতুন প্ৰজন্মক চিন্তাৰ বাট বুলিবলৈ সুবিধা দিব বুলি উল্লেখ কৰি তেওঁ কয় যে ভুলটোক ভুল বুলি ক’ব পৰাৰ সাহস আছিল বুলনৰ।  নতুন প্ৰজন্মই তেওঁৰ চিন্তা চৰ্চাক বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন আছে বুলি কয়। গ্ৰন্থখনিৰ সম্পাদক ৰতন হাজৰিকাই আঁত ধৰা অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, বিশিষ্ট সাহিত্যিক গুণেশ্বৰ সোণোৱাল, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতি প্ৰসাদ কোঁৱৰ, নামফাকে বৌদ্ধ বিহাৰৰ  বিহাৰাধ্যক্ষ জ্ঞানপাল মহাথেৰ, বুলন কুমাৰ শইকীয়াৰ সহধৰ্মিনী নৱনীতা কোঁৱৰ শইকীয়াৰ উপস্থিতিত গ্ৰন্থখনি উন্মোচন কৰাৰ পিছতেই প্ৰথম কপিটো  নিলাম কৰা হয়। ১০০১ টকাৰ পৰা আৰম্ভ হোৱা এই নিলামত  ২০ হাজাৰ টকাত গ্ৰন্থখনখন ক্ৰয় কৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে। তেখেতে নিজৰ বক্তব্যত বুলন কুমাৰ শইকীয়াৰ জীৱন আৰু দৰ্শন ওপৰত আলোকপাত কৰাৰ লগতে  শইকীয়াৰ কন্যা ভৈৰৱী শইকীয়া পঢ়া-শুনাৰ বাবে যাৱতীয় খৰচৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে।  নামফাকে বৌদ্ধ বিহাৰৰ  ভান্টে গৰাকীয়ে বুলন কুমাৰ শইকীয়াই যি সকল সাংবাদিকক হাতত ধৰি ধৰি সাংবাদিকতাৰ আদি পাঠ দিছিল সেইসকল সাংবাদিক সভাত উপস্থিত নথকা কাৰ্যত ক্ষোভ প্ৰকাশ কৰি কয় যে সেই সকল সাংবাদিকে সমাজৰ কি উন্নতি কৰিব। অনুষ্ঠানত যোৰহাট, ধেমাজি, দুলীয়াজান, টেঙাখাট, নামৰূপ আৰু স্থানীয় ডেৰ শতাধিক লোকে বুলনৰ শুভাকাংক্ষী, বিশিষ্ট ব্যক্তি আৰু গুণমুগ্ধৰ  উপস্থিতিত অনুষ্ঠিত এই গ্ৰন্থখন উন্মোচনৰ পিছতেই ৫০ শতাংশ ৰেহাই মূল্যত গ্ৰন্থখন বিক্ৰী কৰা হয়। গ্ৰন্থ বিক্ৰী কৰি পোৱা সমুদায় ধন বুলন কুমাৰ শইকীয়াৰ পৰিয়ালক ন্যাসে  অৰ্পণ কৰিব। এই অনুষ্ঠানতে  ন্যাসৰ সদস্য জয়শ্ৰী বৰুৱা আৰু  বুলন কুমাৰ শইকীয়াৰ কন্যা ভৈৰৱী শইকীয়াই একোটিকৈ কবিতা পাঠ কৰাৰ লগতে বুলন কুমাৰ শইকীয়া সম্পর্কে দেৱজিৎ সোনোৱালে  প্ৰস্তুত কৰা এখনি তথ্যচিত্রও প্ৰদৰ্শন কৰা হয়।