ৰাজ্যিক মাষ্টাৰছ এথলেটিকছৰ সফল সামৰণি

ৰাজ্যিক মাষ্টাৰছ এথলেটিকছৰ সফল সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰথম বাৰ্ষিক ৰাজ্যিক মুকলি মাষ্টাৰছ এথলেটিকচ্ প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে। পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ উৰ্ধ্বৰ ৰাজ্যখনৰ এথলীট সকলৰ অংশগ্ৰহনে প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলে। এই ৰাজ্যিক প্ৰতিযোগিতাখনত বাছনি হোৱা খেলুৱৈসকলে অহা ১৬-১৯জুনত গুজৰাটৰ বদোদ্ৰাত ভাৰতীয় এথলেটিকচ্ ফেডাৰচনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মাষ্টাৰছ এথলেটিকচ্ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব। প্ৰতিযোগিতাখনত প্ৰায় ৪০০তকৈও অধিক ইভেন্ট অনুষ্ঠিত হয়।প্ৰথমবাৰৰ বাবে আয়োজিত প্ৰতিযোগিতাখনত ৮০উৰ্ধ্বৰ খেলুৱৈসকলৰ অংশগ্ৰহনে দৰ্শক হিচাপে উপস্থিত থকা যুৱ প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰি তোলে। বিশেষকৈ খেলত অংশগ্ৰহন কৰি ‘আমাৰ খেল চাই আমাৰ নাতি-নাতিনী খেলিবলৈ ওলাই আহক বুলি ৮০উৰ্ধ্বৰ এথলীট এগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। অসম এথলেটিকচ্ সন্থাই প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাৰ প্ৰতিটো পদক্ষেপক প্ৰসংশা কৰি ভিন্ন জিলাৰ পৰা অহা এথলীট সকলে লগতে প্ৰকাশ কৰে যে ‘খেল খেলি পোন প্ৰথমবাৰৰ বাবে ইভেন্ট সমাপ্তিৰ পিছতে মেডেল লাভ কৰিবলৈ সক্ষম হোৱাটো এক ইতিহাসস্বৰূপ বুলি মন্তব্য কৰে এথলীট সকলে।