অযোধ্যাত ৰাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা স্থাপন কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে

Pc Twitter

অযোধ্যাত ৰাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা স্থাপন কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যাত ৰাম মন্দিৰৰ গৰ্ভগৃহাৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰী যোগীয়ে নিৰ্মাণাধীন ৰাম মন্দিৰৰ গৰ্ভগৃহৰ শিলা পুজন সম্পন্ন কৰিছিল। মন্ত্ৰ জপ কৰি আধাৰশিলা স্থাপন কৰিছিল। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ৰাম মন্দিৰ ভাৰতৰ ৰাষ্ট্ৰীয় মন্দিৰ হ’ব। মানুহে দীৰ্ঘদিন ধৰি এই দিনটোৰ বাবে অপেক্ষা কৰি আছে। ৰাম মন্দিৰ ভাৰতৰ ঐক্যৰ প্ৰতীক হ’ব।  অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য প্ৰায় ২ বছৰ আগতে প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰিছিল। কামটো সফলতাৰে আগবাঢ়িছে আৰু আমি সৌভাগ্যৱান যে গৰ্ভগৃহত শিলবোৰ ৰখাৰ ৰীতি-নীতি আজি আৰম্ভ কৰা হৈছে,” আদিত্যনাথে কয়। “ৰাম মন্দিৰ হ’ব ভাৰতৰ ৰাষ্ট্ৰীয় মন্দিৰ। মানুহে দীৰ্ঘদিন ধৰি এই দিনটোৰ বাবে অপেক্ষা কৰি আছে। ৰাম মন্দিৰ ভাৰতৰ ঐক্যৰ প্ৰতীক হ’ব,” তেওঁ কয়।