দিল্লী চৰকাৰে কাশ্মীৰী পণ্ডিতসকলৰ দোকানসমূহক বিনামূলীয়া বিদ্যুৎ সংযোগ প্ৰদান

pc- greater kashmir

দিল্লী চৰকাৰে কাশ্মীৰী পণ্ডিতসকলৰ দোকানসমূহক বিনামূলীয়া বিদ্যুৎ সংযোগ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লী চৰকাৰে আইএনএ(INA) বজাৰত কাশ্মীৰী পণ্ডিতসকলৰ দ্বাৰা পৰিচালিত ১০০ খনতকৈও অধিক দোকানত বিনামূলীয়া বিদ্যুৎ সংযোগ প্ৰদান কৰিব, উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই কয়।এক বৈঠকত চিছোদিয়াই বিষয়াসকলক বজাৰ এলেকাত ট্ৰেন্সফৰ্মাৰ স্থাপনৰ স্থানসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে। কাশ্মীৰী পণ্ডিতসকলৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বজাৰত বিদ্যুতৰ সমস্যাৰ বিষয়ে অৱগত কৰাৰ পিছত এইটো পদক্ষেপ গ্ৰহণ কৰিছে।