আইএএছএছটিত বিজ্ঞান বিষয়ক চুটি গল্প লিখনিৰ কৰ্মশালা

আইএএছএছটিত বিজ্ঞান বিষয়ক চুটি গল্প লিখনিৰ কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্রতিষ্ঠান চমুকৈ আইএএছএছটিৰ উদ্যোগত বিজ্ঞান ভিত্তিক চুটিগল্প লিখনিৰ কৰ্মশালা  অনুষ্ঠিত হয়। কর্মশালাখনৰ মূল উদ্দেশ্য আছিল প্রতিস্থানটোৰ কৰ্মৰত বিজ্ঞানী আৰু গৱেষক ছাত্র-ছাত্রীসকলে তেওঁলোকৰ দ্বাৰা আৱিস্কৃত তত্ত্বগধুৰ গৱেষণাৰ পত্ৰ আৰু উদ্ভাৱন সমূহ স্থানীয় ভাষাৰ মাধ্যমেৰে সহজ সৰলভাৱে সৰ্ব্বসাধাৰণ মানুহে বুজি পোৱাকৈ লিখি উলিয়াব পৰা বিভিন্ন প্ৰণালী আৰু কৌশলগত প্ৰশিক্ষণৰ ব্যৱস্থা গ্রহণ। কর্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থকা শিশু সাহিত্যৰ ২০১৪ চনৰ ৰাষ্ট্ৰীয় বঁটা প্রাপক অসমীয়া বিজ্ঞান সাহিত্যৰ জনপ্রিয় লিখক তথা বিজ্ঞানী ড° দীনেশ চন্দ্র গোস্বামীৰ লগতে আন এগৰাকী অসমীয়া সাহিত্যৰ লিখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীৰ ভাষণ আৰু অসমীয়া বিজ্ঞান সাহিত্যৰ জনপ্ৰিয় চুটিগল্পৰ প্ৰশিক্ষণৰ দ্বাৰা উপস্থিত গৱেষক ছাত্র ছাত্রী তথা বৈজ্ঞানিকসকলক যথেষ্ট উপকৃত কৰে। অনুষ্ঠানত উপস্থিত থকা আন দুগৰাকী সমল ব্যক্তি যথাক্রমে আসাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক  প্ৰশান্ত জ্যোতি বৰুৱা আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দুৰসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক ড° অভিজিৎ বৰাই ইংৰাজী সাহিত্যৰ দ্বাৰা বিজ্ঞানৰ তত্বগধুৰ কথাসমূহ সহজ আৰু সাৱলীলভাৱে জনসাধাৰণৰ মাজত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত থকা বিভিন্ন কিটিপ আৰু পদ্ধতিৰ বিষয়ে আগবঢ়োৱা ভাষণে উপস্থিত সকলক যথেষ্ঠ উপকৃত কৰে৷অনুষ্ঠানৰ শেষত কৰ্মশালাখনৰ অংশগ্ৰহণকাৰী সকলক ই চাৰ্টিফিকেট প্রদান কৰা হয়। প্রতিষ্ঠানটোৰ পঞ্জীয়ক ড° দিগন্ত গোস্বামীৰ শলাগৰ শৰাই তথা সামৰণি ভাষণেৰে কর্মশালাখনৰ সামৰণি পৰে।