মহিলাৰ টি-২০ চেলেঞ্জ জয় হৰমনপ্ৰীত কৌৰৰ চুপাৰনোভাছৰ

pc NDTV Sports

মহিলাৰ টি-২০ চেলেঞ্জ জয় হৰমনপ্ৰীত কৌৰৰ চুপাৰনোভাছৰ

ৰহিলী বাৰ্ত্তাসেৱা-  হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত চুপাৰনোভাছে ফাইনেলত দীপ্তি শৰ্মাৰ নেতৃত্বত ভেলোচিটিক চাৰি ৰাণত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে মহিলাৰ টি-২০ চেলেঞ্জ জয় কৰে। ডেন্দ্ৰা ডটিনৰ ৬২(৪৪) আৰু হৰমনপ্ৰীতৰ ৪৩(২৯)য়ে চুপাৰনোভাক মুঠ ১৬৫/৭ ৰাণ সংগ্ৰহ কৰি লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভেলোচিটি  ২০ অভাৰত  ১৬১/৮ ত সীমাবদ্ধ হৈ ৰয়, আলানা কিং আৰু ছফি এক্লিষ্টেনে ক্ৰমান্বয়ে তিনি আৰু দুটা উইকেট দখল কৰিছিল।