জীৱন যুঁজ-সুশান্ত দাস

PC-IndustryWeek

জীৱন যুঁজ

কষ্টসহিষ্ণু মানসী আজি ভাগৰুৱা হৈ পৰিছে। নিত্যনতুন প্ৰযুক্তিৰ উদ্ভাৱনে তাইৰ ব্যৱসায়ত সংকট আনিছে। ৰুগীয়া স্বামীক শুশ্ৰুষা কৰিবলৈ আছে মাথোঁ জীৱনসম্বল স্বৰূপ এটি বিস্কুটৰ ব্যৱসায়। অনেক মহিলা তাত জড়িত হৈ আছে আৰু তাই হৈছে সকলোৰে আশা। হাতেৰে পেকিং কৰা,বিস্কুট তৈয়াৰ কৰা ইত্যাদিৰ বাবে বহুতো কামত বহুতো মহিলাক কামত নিযুক্তি দিব লগা হৈছে। ইফালে ঘৰত ৰুগ্ন স্বামীক চোৱাৰ দায়িত্ব ; এইবোৰ কামৰ চাপত তাই হৈ পৰিছে এক যন্ত্ৰ। নিতৌ নতুন প্ৰযুক্তিৰ উদ্ভাৱনে তাইৰ ব্যৱসায়ৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে, আৰু তাইৰ বিস্কুটৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে কমি আহিছে। আৰ্থিকভাৱেও তাই দুৰ্বল হৈ আহিছে। সহায় কৰিবলৈও কোনো নাই। এজনী মহিলা হৈ অন্য মহিলাৰ কষ্ট বুজাৰ বাবেই বিস্কুটৰ ব্যৱসায়তো বন্ধ কৰিবও পৰা নাই; কাৰণ তেওঁলোকেও এই ব্যৱসায়ৰ আশাতেই গৃহখন পোহ-পাল কৰি ৰাখিছে। মানসীৰ ওচৰত কোনো উপায় নাই, যেনে-তেনে কৰি সকলোকে দৰমহা দি সন্তুষ্ট কৰি ৰাখিছে। ৰুগীয়া স্বামীক পোহ-পাল দিয়াৰ বাবে অৰ্থৰ অভাৱতো ভুগিছে তাই। চৰকাৰৰ কোনো সাহায্যও তাই পোৱা নাই। মাথোঁ বিস্কুট আন ঠাইত বিক্ৰী কৰি পোৱা টকাকেইটাই ! আৰুতো উপায় নাই।। সমাজত প্ৰতিবন্ধকতা নেওচি তাই ওলাই গৈছিল বাবেই সমাজে তাইক সহায়ৰ হাত আগবঢ়োৱা নাই ; ঠাট্টা-মস্কৰাহে কৰে। তাইৰ কোনো সন্তান নাই। তাই এই জীৱন যুঁজত এজনী অকলশৰীয়া অবলা !
হঠাৎ এদিন এটা ভাল খবৰ আহিল। তাইৰ বিস্কুট ফেক্টৰীটোৰ খৰচ বহন কৰিবলৈ আগবাঢ়ি আহিছে এজন সুধী লোক। তাই খবৰটো পায়েই দৌৰি গৈ সকলো কৰ্মী মহিলাক খবৰটো দিলে। পাছত সেইদিনাই মানসীয়ে লগ কৰিলে মানুহজনক। মানুহজন বয়সস্থ আৰু এজন অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া। চাকৰি এৰা প্ৰায় চাৰি বছৰেই হ’ল কিন্তু বয়সে বুঢ়া কৰি আনিছে আৰু পুতেক কেইজনৰো নিজা উপাৰ্জনৰ পথ আছে। সেইবাবে ধনৰ বহুলাংশ স্বাৱলম্বী মানসীক দিব বিচাৰে। কথা হোৱাৰ পাছত মানসীৰ বেংক একাউণ্টত বহুখিনি টকা-পইছা সোমাল। তাই আনন্দত আত্মহাৰা হৈ ঘৰলৈ আহি ৰুগ্ন স্বামীক খবৰটো দিলে। ৰুগীয়া স্বামীয়ে সেই অৱস্থাতেই হাঁহি মাৰি তাইক উৎসাহিত কৰিলে। তাইৰ ব্যৱসায় ভাললৈ আহিল আৰু বৰ্তমান তাই এজনী ডাঙৰ স্বাৱলম্বী আৰু ধন-সম্পদ সম্পন্ন মহিলা।।

সুশান্ত দাস,

শিৱসাগৰ