কৃষ্ণচূড়া ফুলিছে
কৃষ্ণচূড়া ফুলবোৰৰ কথাই পাতি আছিলোঁ
হঠাৎ ডুলি ডুলি পলাশ-মডাৰ
যেন আকাশ জ্বলাই জুইফুল
যেন ফাগুন ফাগুন…
সোণাৰু ফুলবোৰ চাই চাই ভাবি আছোঁ
এখন হালধীয়া চূৰ্ণীৰ উৰণ
এটি হালধীয়া পখিলা আৰু
হালধীয়া পৰা এটি উছৱৰ কথা
ডুলি ডুলি ডুলি আছে
কৃষ্ণচূড়া ফুলবোৰ ফুলাৰ পৰা…
ৰঙে জকেমকাই কৃষ্ণচূড়া
আকৌ ফুলিছে
এডেওদুডেওকৈ বাঢ়ি আহিছে
ৰঙৰ প্ৰতি অনুৰাগ
বাজি উঠিছে আকাশৰ বুকুত ৰক্তৰাগ
যিহেতু আকৌ ফুলিছে কৃষ্ণচূড়া
বুকুৱে বুকুৱে এতিয়া বহাগ…
শিখা গোস্বামী মহন্ত