হোজাইৰ বানক্ৰান্তৰ মাজত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি

হোজাইৰ বানক্ৰান্তৰ মাজত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম তৃণমূল কংগ্ৰেছৰ সভাপতিৰ আহ্বান মৰ্মে অসমৰ বিভিন্ন বানবিধ্বস্ত অঞ্চলৰ নিপীড়িত ৰাইজৰ দূখ বেজাৰৰ সমভাগি হ’বলৈ আৰু সমস্যাৰ বুজ বিচাৰ ল’বলৈ দলীয় সতীৰ্থৰ দল যায়। এই উদ্দেশ্যৰে হোজাইত জটিল ৰূপ ধাৰণ কৰা বানপানীয়ে জনজীৱন তচনচ কৰি দিয়া অবস্থাৰ বুজ বিচাৰ লোৱাৰ লগতে দূৰ্গত জনতাৰ দূখত দূখী হ’বলৈ আজি হোজাইৰ বানপীড়িতৰ কাষত উপস্থিত হʼল শিখা শৰ্মা, অসম তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ অৰূপজ্যোতি ভূঞা, ঘন চুটিয়া, তপন কলিতা, মানস চলিহাকে ধৰি এটি দল| আজি দেখা পোৱা গৈছে যে হোজাই আৰু যমুনামুখৰ প্ৰায় 70 খন গাওঁ পানীৰ তলত । 20 হাজাৰৰো অধিক লোক আজি বানপানীত আক্ৰান্ত। কিন্তু এনে হোৱাৰ পিছতো চৰকাৰৰ সু-দৃষ্টিৰ পৰা আজি বঞ্চিত হোজাইৰ বানাক্ৰান্ত । আজি পাঁচ দিনৰ অন্তত দুই এক অঞ্চলত কিঞ্চিত সাহাৰ্য্য প্ৰদান কৰিব ধৰিছে যদিও সেয়া এপাচি শাকত এটা জালুক সদৃশ হৈ পৰিছে। কৃষিজীৱি জনতাৰ অবস্থা আজি দূখ লগা। গৰু ছাগলী আদি কৰি ঘৰচীয়া জীৱৰ খাদ্য সঙ্কট। সাধাৰণ জনতাৰ খোৱা পানীৰ অভাৱ। কিন্তু নিৰ্বাচিত জনপ্ৰতিনিধি আৰু অসম চৰকাৰ নিৰ্বিকাৰ। আমি অসম তৃণমূল কংগ্ৰেছে চৰকাৰ, প্ৰশাসনৰ ওচৰত সজোৰে দাবী জনাও যে বানপীড়িত প্ৰতিজন নাগৰিকক এই সময়ত উচিত সাহাৰ্য, জীৱনৰ নিৰাপত্তা আৰু ক্ষতিপূৰণ দিব লাগে।